![]()
ভোগালী বিহুৰ উৰুকাৰ পূৰ্বে কাৰ্বি পাহাৰৰ মহিলাসকললৈ মুখ্যমন্ত্ৰীৰ উপহাৰ। সোমবাৰে কাৰ্বি আংলঙৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মহিলাসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই উপলক্ষে ডকমকা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰীসকলৰ মাজত চেকসমূহ বিতৰণ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত চেক বিতৰণৰ ৰাজহুৱা সভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আঁচনিখনৰ ব্যাখ্যা কৰি কয় যে এই আঁচনিখনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মহিলাসকলক একত্ৰিত কৰিছে।
উল্লেখ্য যে অনুষ্ঠানত হাওৰাঘাট বিধানসভা সমষ্টিৰ ৩৩,৮১১ গৰাকী মহিলাৰ মাজত আঁচনিৰ চেক বিতৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে আঁচনিখনৰ জৰিয়তে অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ৩২ লাখ মহিলা উপকৃত হ’ব। ইয়াৰ জৰিয়তে চৰকাৰে মহিলাসকলক সন্মান দিয়া বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। লগতে তেওঁ চৰকাৰী আঁচনিৰ পৰা লাভ কৰা এই ধন আত্মসহায়ক গোটৰ জৰিয়তে আংশিক পৰিমাণে ঋণ প্ৰদান, নিজাববীয়াকৈ ব্যৱসায় অথবা পৰিয়ালৰ ব্যৱসায়ত বিনায়োগ কৰাৰ পৰামৰ্শ দিয়ে।
ইয়াৰ উপৰি দ্বিতীয় বৰ্ষত এই আঁচনিৰ জৰিয়তে ২৫ হাজাৰ টকা আৰু তৃতীয় বৰ্ষত ৫০ হাজাৰ টকালৈকে প্ৰদান কৰা হʼব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আনহাতে, অসমৰ ৮ লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হʼবলৈ সক্ষম হোৱাৰ লগতে হাওৰাঘাট বিধানসভা সমষ্টিত ২,১৬২ গৰাকী লাখপতি বাইদেউ থকা বুলি মন্তব্য কৰে। ইয়াৰ উপৰি হাওৰাঘাট সমষ্টিত নতুনকৈ ২৫০০ মহিলাক অৰুণোদয় আঁচনি প্ৰদান কৰা হʼব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
আনহাতে, ২০ ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীসকলৰ একাউণ্টত ৮ হাজাৰ টকাকৈ দিয়াৰ লগতে নিৰ্বাচনত বিজেপিক জয়যুক্ত কৰিলে চেনি, দাইল, নিমখ, তেল সকলো বিনামূলীয়াকৈ যোগান ধৰা হʼব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ইয়াৰ উপৰি ১ ফেব্ৰুৱাৰীৰ পৰা বাবুসকলৰো পঢ়াৰ খৰচ চৰকাৰে দিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে হাওৰাঘাট বিধানসভা সমষ্টিত ৩২,০৯০ গৰাকী মহিলাই অৰুণোদয়, ১,২২২ গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ পৰা উপকৃত হৈছে। আনহাতে, ডকমকাৰ পৰা কাজিৰঙাৰ কুৰি সংযোগী ৪০ কিঃমিঃ পথ, ডিফু চহৰৰ উৰণ সেতুৰ নিৰ্মাণ চলি থকাৰ লগতে কাৰ্বি আংলঙত সৈনিক স্কুল আৰু চি আৰ পি এফৰ নিয়োগ কেন্দ্ৰ নিৰ্মাণৰো পৰিকল্পনা কৰা বুলি মুখ্যমন্ত্ৰীয়ে কয়।
সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ অমৰছিং তিছʼ, বিধায়ক দৰছিং ৰংহাঙৰ উপৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছʼ, উপাধ্যক্ষ অভিজিত ক্ৰʼ, বিধায়ক বিদ্যাছিং ইংলেং, জিলা আয়ুক্ত আৰণ্যক শইকীয়া, পৰিষদৰ কেইবাগৰাকীও সদস্য, কাৰ্যবাহী সদস্যকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।













