ASSAM TIMES POST
নগাঁও : নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰুদ্ধে আজি নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কৰৈয়নী অঞ্চলত এক সমাবেশ অনুষ্ঠিত হয়। কৰৈয়নী অঞ্চলৰ একাংশ লোকৰ উদ্যোগত কৰৈয়নী তিনি আলিত অনুষ্ঠিত ‘কা’ বিৰোধী সমাবেশত কেইবা শতাধিক পুৰুষ- মহিলাই অংশ গ্ৰহণ কৰি ‘কা’ আমি নামানো, ‘কা’ বাতিল হ’বই লাগিব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হুচিয়াৰ, অমিত শ্বাহ হুচিয়াৰ আদি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। সমাবেশত অংশ গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে কয় যে ‘কা’ই অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব।
চৰকাৰে বিভেদৰ ৰাজনীতিৰে ‘কা’ বিৰোধী আন্দোলন দুৰ্বল কৰিবলৈ উঠি পৰি লাগিছে। চৰকাৰৰ এই ষড়যন্ত্ৰ আমি সকলোৱে মিলি প্ৰতিহত কৰিব লাগিব। সঠিক নেতৃত্বৰে ‘কা’ বিৰোধী আন্দোলন শক্তিশালী কৰি তুলিব লাগিব। ইয়াৰ বাবে প্ৰয়োজন হ’ব ‘কা’ বিৰোধী শক্তি সমূহ একত্ৰিত হোৱা। ‘কা’ বিৰোধী শক্তি সমূহে ঐক্যবদ্ধ ভাবে সংগ্ৰামত জড়িত হলেহে আমি সফলতা লাভ কৰিব পাৰিম। ভাষন প্ৰসংগত তেওঁ গাঁৱে-ভূঞে ‘কা’ বিৰোধী আন্দোলন অধিক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায়।
ইশান বৰাই আঁতধৰা সভাখনত অংশ গ্ৰহণ কৰি নগাঁও উকিল সন্থাৰ সভাপতি আবুল হাচিম খণ্ডকাৰে কয় যে ‘কা’ই অসমীয়া জাতিৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিব। ‘কা’ বাতিলৰ বাবে আমি জোৰদাৰ সংগ্ৰাম গঢ়ি তুলিব লাগিব। আইনী যুঁজৰ সমান্তৰাল ভাৱে আমাৰ সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। সমাবেশত চি পি আইৰ নগাঁও জিলা শাখাৰ সম্পাদক ৰাতুল বৰাই কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ ওপৰত ‘কা’ জাপি দি অসমৰ ভাষা-সংস্কৃতি বিপন্ন কৰিব বিচাৰিছে। এনে জাতিধ্বংসী ‘কা’ আমি কেতিয়াও মানি নলও।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ডা: ৰিয়াজ উদ্দিন আহমেদে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ সাম্প্ৰতিক আৰু বিভেদৰ ৰাজনীতি কৰিব বিচাৰিছে। ধৰ্মৰ নামত নাগৰিকত্ব দিব বিচৰা অসমৰ পৰিপন্থী ‘কা’ বাতিল হ’বই লাগিব। সমাবেশত স্থানীয় বিশিষ্ট নাগৰিক তপন শইকীয়া, প্ৰবীণ বৰা, প্ৰশান্ত শইকীয়া, জানমণি শইকীয়া আদিয়ে ভাষন দিয়ে । সমাবেশত গ্ৰহন কৰা এক প্ৰস্তাৱ যোগে বৃহত্তৰ কৰৈয়নী অঞ্চলৰ গাঁৱে গাঁৱে ‘কা’ বিৰোধী আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়।













