![]()
বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী থানা এলেকাৰ গান্ধী গেৰেজৰ কাষত পানী ফেক্টৰীৰ সমুখত হোৱা এক পথ দুৰ্ঘটনাত (Accident on a bumpy road) দুজন লোক আহত হয়৷ আজি সন্ধিয়া প্ৰায় ৭ বজাত বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী থানা এলেকাৰ গান্ধী গেৰেজৰ কাষত পানী ফেক্টৰীৰ সমুখত বোকাজান দিশৰ পৰা অহা এএছ ০৯-৭৯৬৪ নম্বৰৰ মটৰ চাইকেল আৰু ডিমাপুৰ দিশৰ পৰা অহা এনএল ০৭ চি-৭৮৫৫ নম্বৰৰ এখন গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়।

ইয়াৰ লগতে ডিমাপুৰ দিশৰ পৰা অহা এনএল ০৭ ইডি-৫৮০৯ নম্বৰৰ আন এখন মটৰ চাইকেলে চাৰিচকীয়া বাহনৰ পিছত খুন্দা মাৰে৷ ফলত মটৰ চাইকেল দুখনৰ চালক দুজন গুৰুতৰভাৱে আহত হয়। আনহাতে খটখটী আৰক্ষী ঘটনাস্থলীত উপস্থিত মটৰ চাইকেল চালক দুজনক চিকিৎসাললৈ প্ৰেৰণ কৰে৷













