
খটখটী থানা অন্তৰ্গত কাৰাগাঁৱত আৰক্ষীৰ নিয়মীয়া তালাচীত দেওবাৰে পুৱা নিষিদ্ধ কানি উদ্ধাৰ কৰে কাৰাগাঁও আৰু খটখটী আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে ডিমাপুৰ দিশৰ পৰা ডিলাই দিশে গৈ থকা পিবি ২৯ এএইচ-৭৫১৩ নম্বৰৰ এখন ট’য়’টা গাড়ীত প্ৰায় ১০টা ক’লা প্লাষ্টিকৰ পেকেটৰ পৰা ১০ কেজি ১১৪ গ্ৰাম নিষিদ্ধ কানী উদ্ধাৰ কৰে খটখটী আৰক্ষীয়ে৷

এই সন্দৰ্ভত খটখটী আৰক্ষীয়ে দুজন লোকক আটক কৰে৷ আটক কৰা লোক দুজন হ’ল ক্ৰমে পঞ্জাৱৰ ডলতপুৰ নিৱানৰ ৰতন চান্দ শৰ্মাৰ পুত্ৰ পৰমজিৎ শৰ্মা (৪৩) আৰু আনজন হৈছে তিলক দাসৰ পুত্ৰ চৰণ দাস (৪১)৷ দুয়োজনকে আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
খটখটী থানাৰ উপ পৰিদৰ্শক দেৱাসীস বৰা, কাৰাগাঁও আৰক্ষী চকীৰ অমৰজ্যোতি শৰ্মাৰ নেতৃত্বত আন আৰক্ষীৰ সহযোগত এই তালাচী চলিছিল৷ পৰবৰ্তী সময়ত খটখটী আৰক্ষীয়ে বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰক্ষ্ম আৰু নিৰপেক্ষ স্বাক্ষীগণৰ সাক্ষাতত কানিখিনি জব্দ কৰে।













