ASSAM TIMES POST
নিউজ ডেস্ক
সেনাবাহিনীত মহিলাক স্থায়ীভাৱে নিযুক্তিৰ ব্যৱস্থা কার্যকৰী কৰাৰ নির্দেশ দিলে ছুপ্ৰিম কোৰ্টে৷ সোমবাৰে এক ঐতিহাসিক ৰায়ত কেন্দ্রীয় চৰকাৰক এই নির্দেশ দিছে ছুপ্রিম কোৰ্টে। একমাত্র কমবেট উইঙৰ বাহিৰে সেনাবাহিনীৰ সকলো স্তৰত আগন্তুক তিনি মাহৰ ভিতৰত এই নিয়ম আৰম্ভ কৰিবলৈ কোৱা হৈছে কেন্দ্রক। আনহাতে, মহিলাসকলে যাতে পুৰুষৰ দৰে সমান সুযোগ-সুবিধা পায়, সেই দিশতো নজৰ ৰাখিবলৈ কোৱা হৈছে।
কেৱল সেয়াই নহয়, শ্বর্ট ছার্ভিচ কমিছনৰ (এছএছচি) আওতাত যিসকল মহিলাই ১৪ বছৰতকৈ বেছি সেনাবাহিনীত কাম কৰিছে, তেওঁলোকক স্থায়ী কমিছনত চামিল কৰিবলৈও কেন্দ্রক নির্দেশ দিছে শীর্ষ আদালতখনে। ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় আৰু ন্যায়াধীশ অজয় ৰস্তোগিৰ খণ্ড বিচাৰপীঠে জনায়, সেনাবাহিনীত মহিলাসকলৰ নিযুক্তি প্রগতিশীল পদক্ষেপ। ইয়াক লৈ কোনোৰকম বৈষম্য নচলিব।













