শিৱসাগৰঃ কংগ্ৰেছ দলৰ ভিতৰচোৱাত দলীয় নেতা কৰ্মীৰ মাজত বোকা চটিওৱা ৰাজনীতি চলি থকাৰ মাজতেই আজি শিৱসাগৰত আগন্তুক পৌৰসভা আৰু বিধান সভা নিৰ্বাচনত কংগ্ৰেছ মুক্ত কৰাৰ লক্ষ্যৰে কেইবা শতাধিক কংগ্ৰেছ কৰ্মীসহ প্ৰাক্তন পৌৰপতি তথা জ্যেষ্ঠ কংগ্ৰেছী ৰানা খান আৰু ৰফিকুল হাজৰিকাৰ নেতৃত্বত বিজেপিত যোগদান কৰে।
শিৱসাগৰ নগৰ মণ্ডলৰ উদ্যোগত আজি অনুষ্ঠিত এই যোগদান সভা অনুষ্ঠিত হয় শিৱসাগৰৰ হিন্দুধৰ্ম নামঘৰৰ প্ৰেক্ষাগৃহত। বিজেপিৰ জিলা সভানেত্ৰী সুৰভি ৰাজকোঁৱৰীৰ পৰিচানাত তথা নগৰ মণ্ডলৰ উপ সভাপতি প্ৰণৱ বৰুৱাই আঁত ধৰা উক্ত অনুষ্ঠানত প্ৰাক্তন পৌৰপতি ৰাণা খানৰ লগতে জিলা কংগ্ৰেছৰ সম্পাদক ফাৰুক আহমেদ, গ্ৰাম্য মণ্ডলৰ উপসভাপতি নেকিবুৰ ৰহমান, নেকিবুদ্দিন আহমেদ, বিশিষ্ট ব্যৱসায়ী তথা প্ৰাক্তন কংগ্ৰছী ৰফিকুল হাজৰিকাৰ নেতৃত্বত প্ৰায় দুহেজাৰ সংখ্যালঘু লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।
যোগদানৰ অন্তত প্ৰাক্তন পৌৰপতি ৰাণা খানে কয়, বিজেপি দল তথা নৰেন্দ্ৰ মোডীৰ সব কা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাসৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছে। নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে যি বিলাক উন্নয়নৰ আঁচনি লৈছে সেই আঁচনিৰ অংশীদাৰ হ’বলৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা হৈছে। তেওঁ লগতে কয় আগন্তুক দিনত বিজেপিক অধিক শক্তিশালী কৰি সমাগত পৌৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত শিৱসাগৰত কংগ্ৰেছ মুক্ত কৰিব বুলি ঘোষণা কৰে প্ৰাক্তন কংগ্ৰেছী পৌৰপতিজনে।
যোগদান অনুষ্ঠানত বিধায়ক কুশল দুৱৰী, বিজেপিৰ ৰাজ্যিক সম্পাদক ভবেন্দ্ৰ নাথ মহন, জিলা সম্পাদক হেমন্ত কুমাৰ গগৈ, পৌৰনেত্ৰী মৃদুস্মিতা সিনহাৰ লগতে আন বহু বিদয়জেপিৰ নেতা কৰ্মী উপস্থিত থাকে।
উল্লেখ্য যে প্ৰাক্তন পৌৰপতি ৰাণা খান শিৱসাগৰ সমষ্টিৰ সংখ্যালঘু ৰাইজৰ মাজত জনপ্ৰিয় আছিল। কংগ্ৰেছ দলত থাকি সংখ্যালঘু ৰাইজক নেতৃত্ব প্ৰদান কৰি আহিছিল। এনে এজন নেতাই আজি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাত শিৱসাগৰত কংগ্ৰেছ দল দুৰ্বল হৈ পৰিব বুলি একাংশ লোকে মন্তব্য কৰে।