ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাজুলীত বৰ্ণাঢ্য কাৰ্যসূচীৰে এক উলহ-মালহ পৰিৱেশত উদযাপিত হ’ল আলি আয়ে লৃগাং উৎসৱ: ঢোল-নৃত্য-ঐ নিঃতমৰ পৰিৱেশত জীপাল হৈ উঠিল উৎসৱঠলী

ASSAM TIMES POST by ASSAM TIMES POST
February 19, 2020
Reading Time: 1 min read
A A
0
মাজুলীত বৰ্ণাঢ্য কাৰ্যসূচীৰে এক উলহ-মালহ পৰিৱেশত উদযাপিত হ’ল আলি আয়ে লৃগাং উৎসৱ: ঢোল-নৃত্য-ঐ নিঃতমৰ পৰিৱেশত জীপাল হৈ উঠিল উৎসৱঠলী

0 1 e1574345654996 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

মাজুলী: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীটো মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি আয়ে লৃগাংৰ ধৰ্মীয় ৰীতি-নীতি তথা পৰম্পৰাক ৰক্ষা কৰি উলহ মালহ পৰিৱেশৰ মাজত এক বৰ্ণিত কাৰ্যসূচীৰে উদযাপিত কৰিলে মাজুলীৰ বিভিন্ন আলি আয়ে লৃগাং উদযাপন সমিতিয়ে । ফলত এদিনৰ বাবে সমগ্ৰ মাজুলীতে নানা ৰঙী জাতীয় সাজপাৰেৰে জাতিষ্কাৰ হোৱাই নহয় বিভিন্ন জাতি-জনগোষ্টীৰ মাজত সৃষ্টি হয় এক সমন্বয়ৰ বাৰ্তা ।

MAJULI 2 | ASSAM TIMES POST

ফাগুনৰ প্ৰথমটো বুধবাৰে উদযাপন হোৱা এই উৎসৱ শ্রীমন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত জেংৰাইমুখ সাংস্কৃতিক মিছনৰ সহযোগত প্ৰথমবাৰৰ বাবে মাজুলীৰ ফুলনিৰ কাৰ্কিচুক পশু চিকিৎসালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় আলি আয়ে লৃগাংৰ বৰ্ণাঢ্য কাৰ্যসূচী । কাৰ্যসূচী অনুসৰি পুৱা সামূহিক চাফাইৰ পিছত আনুষ্ঠানিক লৃগদ অৰ্থাৎ বীজ সিঁচাৰ পৰ্ব আৰম্ভ কৰা হয়। এই কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত । পুৱা ন বজাত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ফুলনিত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন সাংস্কৃতিক কৃষ্টি দলে ঢোল ঢোগৰে অনুষ্ঠান লৈ শোভাযাত্ৰা কৰি আদৰি আনে অনুষ্ঠান লৈ ।

MAJULI 3 | ASSAM TIMES POST

আমনি পিদগদৰ মাঙ্গলিক কাৰ্যসূচী মিচিং বানে কেবাঙ আৰু মিচিং আগম কেবাঙৰ সাধাৰণ সম্পাদক প্ৰভাত মিলিয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছত এই কাৰ্যসূচী সমাপন কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে এই উৎসৱ কেৱল মিচিংৰ উৎসৱ নহয় সকলো জাতি-জনগোষ্ঠীৰ বাবে সমন্বয়ৰ এনাজৰী । এই ধাৰা অব্যাহত ৰাখিব পাৰিলেহে বৃহত্তৰ অসমীয়া জাতি জীয়াই থাকিব বুলি কয় । ইয়াৰ পিছত অনুষ্ঠিত হোৱা মুকলি অনুষ্ঠানত মিচিং জনগোষ্ঠীৰ বিভিন্ন যুৱক-যুৱতী,পুৰুষ- মহিলা, বুঢ়া-বুঢ়ী, আবাল-বৃদ্ধিৰ লগতে মাজুলীৰ বিভিন্ন অনা মিচিং সাংকৃতিক কৰ্মী তথা বিভিন্ন দল-সংগঠনৰ লোক উপস্থিত থাকি গীত-নৃত্যত অংগ্ৰহণ কৰি আলি আয়ে লৃগাংৰ উৎসৱত একাকাৰ হৈ পৰে। অনা মিচিং যুৱক তথা মহিলাই ঐনিতম গীত পৰিৱেশন কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজৰ সমন্বয়ৰ পৰিচয় দাঙি ধৰে ।

MAJULI 4 | ASSAM TIMES POST

আলি আয়ে লৃগাংৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰা অন্যতম অনুষ্ঠান মুৰংঘৰত মিচিং জনগোষ্ঠীৰ বিভিন্ন কৃষিজাত সঁজুলি প্ৰদৰ্শন কৰা হয়। অস্হায়ীকৈ নিৰ্মাণ কৰা মুৰংঘৰত মিচিংসকলৰ বিভিন্ন সাংস্কৃতিক সামগ্ৰী প্ৰদৰ্শন কৰা হয় । এই অনুষ্ঠানত গড়মূৰ পিতাম্বৰদেৱ গোস্বামী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ মাণিক মিলি,অধ্যাপক পাৰুল মিলি, শ্ৰীমন্ত ফাউণ্ডেশনৰ সম্পাদক দীপাংকৰ মহন্ত,ৰাজ্যিক কাৰ্যকৰ্তা জোৎস্না দলে,জিলা সম্পাদক দেৱীৰাম পেগু,অসম সাহিত্য সভা মাজুলী জিলা সমিতিৰ সভাপতি প্ৰভাত বুঢ়া ভকত,সম্পাদক ৰমেশ বৰুৱা আদিকে ধৰি বিভিন্ন দল সংগঠনৰ লোক উপস্থিত থাকে । ইপিনে নামনি বৰপমুৱা গাঁৱৰ উত্তৰ চুবুৰী কৃষ্টি সমিতিয়ে খেৰকটীয়া নৈৰ পাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় আপোনৰ আলি আয়ে লৃগাংৰ কাৰ্যসূচী। পুৱা সামুহিক চাফাই কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে ডেকাবৰা অতুল পেগু ।

MAJULI 5 | ASSAM TIMES POST

মুৰংঘৰ উদ্বোধন কৰে ত্ৰিবৰা বিপিন দলেই । গাঁৱৰ সকলো ডেকা-গাভৰু, বুঢ়া-বুঢ়ী আদিয়ে জাতীয় সাজপাৰ যেনে গনৰ উগন,ৰিবি গাচেং,পেৰে,মাপলাৰ,মছাং এগে আদি পৰিধান কৰি সকলোৱে দলীয় নৃত্য তথা ঐনিতমৰ সুৰত উলহ মালহেৰে উদযাপন কৰে লৃগাংৰ বৰ্ণাঢ্য কাৰ্যসূচী । ফলত ৰং বিৰং পৰিৱেশত গঢ় লৈ উঠে এক চিৰসেউজ অনাবিল হাঁহি । ইয়াৰ পিছত সমূহীয়াকৈ ভোজমেলত অংশগ্ৰহণ কৰে সকলোৱে । অৱশ্যে বৰ্তমানলৈকে আলি আয়ে লৃগাংৰ দিনটো ৰাজ্যিক বন্ধৰ দিন হিচাপে ঘোষণা নকৰাত আক্ষেপ প্ৰকাশ কৰে উদযাপন সমিতিয়ে। ইয়াৰোপৰি নামনি বৰপমুৱা দক্ষিণ চুবুৰী,বৰপমুৱাকঠালগুৰি,বৰপথাৰ,ভিতৰ কুমাৰবাৰী,বাহিৰ কুমাৰবাৰী,লখিমী বৰপমুৱা তিনিটা চুবুৰীত,নামনি চেৰপাই,উজনি চেৰপাই, উজনি জেংৰাই চাপৰি, নামনি জেংৰাই চাপৰি, জেংৰাই বালি চাপৰি, ঠেকেৰাগুৰি,জেংৰাই আমগুৰি,মঘূৱাচুক, নামনি গেজেৰা,টাকাৰচুক,জাৱৰচুক কাঠনি,জাৱৰচুক বছা,যপনচুক,উজনি গেজেৰা, মাজ গেজেৰা, দুই নং এনাইচুক,এনাইচুক,জকাইবোৱা দাৱ গাঁও,লাহন গাঁও,যমুদচুক,উলুৱনি,কলিয়া,উজনি জকাইবোৱা,নামনি জকাইবোৱা আদিকে ধৰি উজনি মাজুলীৰ বিভিন্ন গাঁও তথা অঞ্চলত মিচিং জনগোষ্ঠীৰ অতি আদৰৰ এই উৎসৱ পালন কৰাৰ বাবে পুৱাৰে পৰা গধূলিলৈকে উৎসৱ ঠলীলৈ সাংস্কৃতিক প্ৰেমী লোকৰ লানি নিচিগা সোঁত বোৱা পৰিলক্ষিত হয়।

উৎসৱঠলীত শিশুৰ পৰা বৃদ্ধলৈকে সকলো একাকাৰ হৈ উপস্থিত থাকি বীজ সিঁচাৰ মাংগলিক সম্পন্ন কৰি সমাজৰ সকলোধৰনৰ অপায়-অমংগল আঁতৰ কৰাৰ উদ্দেশ্যে সূৰ্য-চন্দ্ৰ দেৱতাক স্মৰণ কৰি আশীৰ্বাদ বিছাৰে । যাতে সমগ্র মিচিং সমাজে সুখে-শান্তিৰে জীয়াই থাকিবলৈ অদৃশ্য জনে শক্তি প্ৰদান কৰে। ইয়াৰোপৰি জাতীয় পৰম্পৰাগত নীতি-নিয়ম অনুসৰি তামোল-পানৰ শৰাই, তৰাপাটত দিয়া ভাত,পোৰা মাছ,মাংস আদি প্ৰতীকী ৰূপত প্ৰদৰ্শন কৰে আলি আয়ে উদযাপন সমিতিয়ে । ঐ নিঃতম সুৰ, ঢোলৰ শব্দ, ডেকা-গাভৰুৰ পাৰভঙা উৎসাহ তথা অনাবিল আনন্দৰ নাচে এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰে সমগ্ৰ মাজুলীৰ আকাশ-বতাহ।

Tags: Featured
Share4Tweet3Send

Related Posts

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
ADVERTISEMENT
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx