
জুবিন গাৰ্গক হত্যা (Zubeen Garg murder) কৰা হোৱা নাছিল, পানীত ডুবিহে মৃত্যু হৈছিল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰত এই গুৰুত্বপূৰ্ণ ৰায় ছিংগাপুৰ আদালতৰ। ছিংগাপুৰৰ কৰ’নাৰ্ছ আদালতৰ ৰায় (Singapore’s Corona Case Court Verdict) অনুসৰি জুবিন গাৰ্গৰ মৃত্যু এক দুৰ্ঘটনা আৰু তেওঁক কোনোবাই হত্যা কৰা বা সতীৰ্থই ইচ্ছাকৃতভাৱে উদ্ধাৰ নকৰাৰ যি অভিযোগ উত্থাপন হৈছিল তাৰ কোনো তথ্য-প্ৰমাণ নাই।

উল্লেখ্য যে কেইবাটাও শুনানিৰ অন্তত বুধবাৰে কৰ’নাৰ্ছ আদালতে প্ৰদান কৰা চূড়ান্ত ৰায়ত জুবিনৰ মৃত্যুত কোনো ধৰণৰ ফাউল প্লে’ হোৱা নাই বুলি ক’ষ্ট গাৰ্ডে প্ৰদান কৰা তথ্যক আদালতে সমৰ্থন কৰিছে। তেওঁক কোনেও জোৰ-জবৰদস্তি পানীলৈ ঠেলি দিয়া নাছিল বা কোনেও ইচ্ছাকৃতভাৱে তেওঁক মৃত্যুমুখলৈ ঠেলি দিয়া নাছিল।













