ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Iran war : লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি; জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

নিউজ ডেস্কঃ

News Desk by News Desk
March 27, 2026
Reading Time: 1 min read
A A
0
Iran war : লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি; জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

পেট্ৰ’ল-ডিজেল (Petrol-diesel)ৰ দৰে ইন্ধন তেলৰ আবকাৰী শুল্ক কিয় হ্ৰাস কৰা সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী (Petroleum Minister Hardeep Singh Puri)য়ে ব্যাখ্যা কৰে। লগতে কয় যে লকডাউন সম্পৰ্কীয় সকলো খবৰ ভুৱা, তেনে কোনো সম্ভাৱনা নাই। সম্প্ৰতি লকডাউনক লৈ বিভিন্ন জল্পনা-কল্পনা বিয়পি পৰিছে। মানুহ বিমোৰত পৰিছে। এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে সেই জল্পনা-কল্পনাক নস্যাৎ কৰিছে।

শুকুৰবাৰে হৰদীপ সিঙে কয় যে বৰ্তমানৰ পৰিস্থিতিত চৰকাৰৰ বাবে মাত্ৰ দুটা বিকল্পহে মুকলি। সকলো দিশ বিবেচনা কৰি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ চৰকাৰে আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ইয়াৰ ফলত চৰকাৰৰ আৰ্থিক ক্ষতি হ’ব বুলিও তেওঁ বুজাই দিয়ে।

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস (Reduce excise duty) কৰাৰ বাবে এক অধিসূচনা জাৰি কৰিছে। ইয়াৰ পিছতে হৰদীপ সিঙে চৰকাৰৰ এই পদক্ষেপৰ বিষয়ে এক্স পোষ্টত লিখিছে, “বিগত এমাহত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য আকাশলংঘী হৈছে। পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি বেৰেলত ৭০ ডলাৰৰ পৰা প্ৰায় ১২২ ডলাৰলৈ বৃদ্ধি পাইছে। ফলস্বৰূপে সমগ্ৰ বিশ্বৰ গ্ৰাহকে পেট্ৰ’ল আৰু ডিজেলৰ বাবে অধিক ধন দিবলগীয়া হৈছে। দক্ষিণ-পূব এছিয়াৰ দেশসমূহত ৩০-৫০ শতাংশ, উত্তৰ আমেৰিকাৰ দেশসমূহত ৩০ শতাংশ, ইউৰোপত ২০ শতাংশ মূল্য বৃদ্ধি পাইছে। আফ্ৰিকাৰ দেশসমূহত ৫০ শতাংশ বৃদ্ধি পাইছে।’’

puri1 | ASSAM TIMES POST
লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি; জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

ইয়াৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰিস্থিতিত মোদী চৰকাৰৰ বাবে দুটা বিকল্প মুকলি। প্ৰথমতে, আন দেশৰ দৰে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি নকৰি ভাৰতীয় তেল কোম্পানীক ক্ষতিপূৰণ দিয়া। দ্বিতীয়তে, চৰকাৰৰ আৰ্থিক হেঁচা মানি লৈ দেশবাসীক সুৰক্ষা দিয়া। ওপৰৰ কথাখিনি বিবেচনা কৰি দ্বিতীয়টো বিকল্প বাছি লোৱা হৈছে বুলি হৰদীপে কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে ভাৰতীয় কোম্পানীসমূহৰ বৃহৎ লোকচান লাঘৱ কৰাৰ বাবে চৰকাৰৰ এই পদক্ষেপ।

পুৰীয়ে কয় যে ভাৰতত লকডাউনৰ উৰাবাতৰি ভিত্তিহীন আৰু মিছা। মন্ত্ৰীগৰাকীয়ে কয়, “মই স্পষ্টকৈ ক’ব বিচাৰো যে ভাৰত চৰকাৰে এনেকুৱা একো চিন্তা কৰা নাই। বৰ্তমানৰ পৰিস্থিতিত আমি শান্ত আৰু ঐক্যবদ্ধ হৈ থাকিব লাগিব। আমি অধিক দায়বদ্ধ হ’ব লাগিব। সকলোৱে আতংক বা উৰাবাতৰি বিয়পোৱাৰ পৰা বিৰত থাকক।”

Tags: lockdown
Share4Tweet3Send

Related Posts

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

by Staff Reporter
July 4, 2026
50
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

by Staff Reporter
July 4, 2026
50
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী
National-International

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

by Staff Reporter
July 4, 2026
50
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

by Staff Reporter
July 4, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

by Staff Reporter
July 4, 2026
50
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

by News Desk
July 3, 2026
50
ADVERTISEMENT
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026
50
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026
50
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী
National-International

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx