ASSAM TIMES POST
বোকাখাত : বোকাখাত আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আজি বোকাখাতৰ আহুগাঁও মহিলা সমিতি গৃহত এখনি সভা অনুষ্ঠিত কৰা হয়।সভাত সভাপতিত্ব কৰে বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মণ্টু শইকীয়াই , সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মানসপ্ৰতিম গগৈয়ে।

চুতীয়া জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ ওপৰত সভাত আলোচনাৰ লগতে এই জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলৰ বিশ্ববিদ্যালয়ৰ আসন সংৰক্ষণ তথা চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰতো আলোচনা কৰা হয়। শাখা গোট গঠনৰ সময়ত উপস্থিত থাকে বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ সম্পাদক প্ৰশান্ত শইকীয়া,উপ সভাপতি লক্ষীপ্ৰসাদ মুদৈ, দিলীপ চুতীয়া, নিলকান্ত বৰা,বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা সাধাৰণ সম্পাদক লাচিত কাকতি, গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা সহকাৰী সম্পাদক ৰূপম বৰা,দীপাংকৰ বৰা,ৰিকি শইকীয়া।
উক্ত সভাতেই সভাপতি সঞ্জয় কুমাৰ বৰা,কাৰ্যকৰি সভাপতি ৰুবি শইকীয়া, সম্পাদিকা পঙ্খী শইকীয়াক লৈ এখনি ১৮ জনীয়া মহমাইকী শাখা গোট গঠন কৰা হয়।













