ASSAM TIMES POST
নগাঁও : নগাঁও চহৰৰ নিকটৱৰ্তী নাম কৰৈয়ণিত আজি পুৱাবেলা পুখুৰীত মাছ ধৰি থকা অৱস্থাতে এজন লোকক এটা পোহনীয়া ম’হে আক্ৰমণ কৰাত লোকজন থিতাতে নিহত হয় ।ম’হৰ আক্ৰমণত নিহত লোকজন হৈছে আব্দুল ৰহিম । আক্ৰমণকাৰী ম’হটো কৰৈয়নী গাঁৱৰ কাতিৰাম বৰাৰ বুলি জানিব পৰা গৈছে ।
মৃত ৰহিমৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে ম’হটোৰ গৰাকীয়ে ম’হটোক মদ খুৱাই বলিয়া কৰি এৰি দিয়াৰ ফলতেই এই ঘটনাটো সংঘটিত হয়। এই ঘটনাৰ পিছতে কৰৈয়ণি গাঁৱত ইটাচালী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ আব্দুল ৰহিমৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে ম’হটোৰ গৰাকীৰ বিৰুদ্ধে ইটাচালি আৰক্ষী চকীত মৃত ৰহিমৰ পৰিয়ালে এটা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ।













