ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Hantavirus I এইবাৰ হাণ্টা ভাইৰাছ, আটলাণ্টিক ক্ৰুজত আক্ৰান্ত দুজন ভাৰতীয়

Staff Reporter by Staff Reporter
May 11, 2026
Reading Time: 1 min read
A A
0
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

Chandranath murder case I শুভেন্দুৰ সহায়কক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ তিনি অভিযুক্ত

PM Modi I দেশত জৰুৰী অৱস্থা? ইন্ধন আৰু খোৱা তেলৰ ব্যৱহাৰ কমাবলৈ, সোণৰ গহনা কিনা বন্ধ কৰিবলৈ মোদীৰ আহ্বান

হাণ্টা ভাইৰাছৰ (Hantavirus) আশংকা ক্ৰমাৎ বাঢ়িছে। আৰ্জেণ্টিনাৰ পৰা আটলাণ্টিক মহাসাগৰৰ কাবো ভাৰ্ডেলৈ যোৱা এম ভি হণ্ডিয়াছ ক্ৰুজ জাহাজখনত দুজন ভাৰতীয় নাগৰিক এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

Hantavirus I
এইবাৰ হাণ্টা ভাইৰাছ, আটলাণ্টিক ক্ৰুজত আক্ৰান্ত দুজন ভাৰতীয়:

অৱশ্যে দেওবাৰে স্পেইনত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰে যে এম ভি হণ্ডিয়াছ জাহাজত আক্ৰান্ত ভাৰতীয় নাগৰিক দুজন লক্ষণবিহীন আৰু সুস্থ। দূতাবাসে এক বিবৃতিত কয় যে হাণ্টা ভাইৰাছত আক্ৰান্ত জাহাজখনত ক্ৰু মেম্বাৰ হিচাপে কাম কৰা ভাৰতীয় নাগৰিক দুজনক নেদাৰলেণ্ডলৈ স্থানান্তৰ কৰা হৈছে আৰু স্বাস্থ্য সুৰক্ষাৰ নিয়ম অনুসৰি আছুতীয়াকৈ ৰখা হৈছে।

বিবৃতিটোত লগতে কোৱা হৈছে, “স্পেনিছ কৰ্তৃপক্ষই ভাৰতীয় নাগৰিক দুজনৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছে। ভাৰতীয় নাগৰিকৰ মংগল আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ পৰিস্থিতি নিয়মিতভাৱে নিৰীক্ষণ কৰা হৈছে।” ফ্ৰান্সে প্ৰকাশ কৰা অনুসৰি, জাহাজখনত থকা পাঁচজন ফ্ৰান্স যাত্ৰীৰ ভিতৰত এজন হাণ্টা ভাইৰাছত আক্ৰান্ত হৈছে।

দেওবাৰে তেওঁৰ লক্ষণ দেখা যায়। ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লে কৰ্ন’ৱেলে টেলিভিছনৰ ভাষণত কয় যে প্ৰতি পাঁচজন লোকৰ ভিতৰত এজন আক্ৰান্ত হৈছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত তাৎক্ষণিকভাৱে কোৱাৰেণ্টাইনত ৰখা হৈছে এই পাঁচজন যাত্ৰীক।

ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ মহামাৰী বিজ্ঞানৰ সঞ্চালক ডাঃ মাকিয়া ভান কেৰখোভে হাণ্টা ভাইৰাছ কৰ’না ভাইৰাছৰ দৰে একে নহয় বুলি ইতিমধ্যে আশ্বাস দিছে। গতিকে সংক্ৰমণৰ মাত্ৰা তাৰ কাষ চাপিব পৰাৰ কোনো কাৰণ নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই বিষয়টোক গুৰুত্বসহকাৰে লৈছে বুলি মন্তব্য কৰিছে।

ইফালে এই সন্দৰ্ভত ১২ খন দেশলৈ হুৱে সকীয়নি আগবঢ়াইছে। সংক্ৰমণ সংঘটিত হোৱা জাহাজখনৰ যাত্ৰীসকলে আতংকিত হৈ গন্তব্যস্থান পোৱাৰ পূৰ্বে নামি আহিছিল।

আমেৰিকা, কানাডা, ডেনমাৰ্ক, জাৰ্মানী, নেদাৰলেণ্ড, নিউজীলেণ্ড, ছেইণ্ট কিটছ এণ্ড নেভিছ, ছিংগাপুৰ, ছুইডেন, ছুইজাৰলেণ্ড, তুৰস্ক, ব্ৰিটেইন আদি দেশৰ জৰিয়তে এই ভাইৰাছ বিয়পিব পাৰে বুলি সকীয়াই দিয়া হৈছে। এম ভি হণ্ডিয়াছ নামৰ ক্ৰুজ জাহাজখন আৰ্জেণ্টিনাৰ পৰা আটলাণ্টিক মহাসাগৰৰ কাবো ভাৰ্ডেলৈ গৈ আছিল।

হুৱে জনোৱা মতে, জাহাজখনত হাণ্টা ভাইৰাছত আক্ৰান্ত আঠজন লোক চিনাক্ত কৰা হৈছে। ইয়াৰে তিনিজনৰ মৃত্যু হৈছে। পৰীক্ষাগাৰত জাহাজখনত থকা পাঁচজন লোক আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। এই পৰ্যন্ত তিনিজন লোকৰ নিশ্চিতিৰ ৰিপোৰ্ট পোৱা হোৱা নাই।

৬ এপ্ৰিলত জাহাজখনত থকা প্ৰথমজন আক্ৰান্ত ব্যক্তিক উদ্ধাৰ কৰা হয়। ১১ এপ্ৰিলত তেওঁৰ মৃত্যু হয়। পিছত লোকজনৰ পত্নীও আক্ৰান্ত হয়। তেওঁ চেণ্ট হেলেনাত নামি যায়। পৰৱৰ্তী সময়ত তেওঁৰ অৱস্থাৰ অৱনতি ঘটে। ২৫ এপ্ৰিলত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত তেওঁৰ মৃত্যু হয়।

গেব্ৰেইছাছে কয় যে আক্ৰান্ত এন্দুৰ বা অনুৰূপ প্ৰাণীৰ প্ৰস্ৰাৱ, লালটি, নাক বা চকুৰ পৰা নিৰ্গত হোৱা পানীৰ জৰিয়তে এই সংক্ৰমণ বিয়পে। এই ভাইৰাছৰ সংক্ৰমণৰ ঘটনা প্ৰধানকৈ লেটিন আমেৰিকাত দেখা গৈছে।

হুৱে কয় যে কোনোবাই সংক্ৰমিত ব্যক্তিৰ সৈতে দীৰ্ঘদিন ধৰি সংস্পৰ্শলৈ আহিলেহে আক্ৰান্ত হ’ব পাৰে। এই ক্ষেত্ৰত যদি তেওঁলোক আক্ৰান্ত ব্যক্তিৰ সৈতে একেটা ঘৰতে থাকে, তেওঁলোকৰ সংগী বা যত্ন লোৱা ব্যক্তি হয় তেন্তে সেই ব্যক্তিজনো আক্ৰান্ত হ’ব পাৰে।

Tags: আটলাণ্টিক ক্ৰুজত আক্ৰান্তএইবাৰ হাণ্টা ভাইৰাছদুজন ভাৰতীয়
Share4Tweet3Send

Related Posts

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas
National-International

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

by News Desk
May 11, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

Chandranath murder case I শুভেন্দুৰ সহায়কক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ তিনি অভিযুক্ত

by Staff Reporter
May 11, 2026
50
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I দেশত জৰুৰী অৱস্থা? ইন্ধন আৰু খোৱা তেলৰ ব্যৱহাৰ কমাবলৈ, সোণৰ গহনা কিনা বন্ধ কৰিবলৈ মোদীৰ আহ্বান

by Staff Reporter
May 11, 2026
50
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

‎বিজয় শপতগ্ৰহণত বন্দে মাতৰম সংগীত

by Staff Reporter
May 10, 2026
50
উগ্ৰবাদ প্ৰসাৰৰ ক্ষেত্ৰত শত্ৰু দেশ সক্ৰিয় হৈ আছে, কেন্দ্ৰৰ অভিযোগ
National-International

‎মালিত সন্ত্ৰাসবাদীৰ তাণ্ডৱ I ৭০ৰ অধিক লোকক হত্যা, দায়িত্ব স্বীকাৰ আল-কায়দাৰ

by Staff Reporter
May 10, 2026
50
‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা
National-International

‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা

by Staff Reporter
May 10, 2026
50
ADVERTISEMENT
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

May 11, 2026
50
Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas
National-International

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

May 11, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

Hantavirus I এইবাৰ হাণ্টা ভাইৰাছ, আটলাণ্টিক ক্ৰুজত আক্ৰান্ত দুজন ভাৰতীয়

May 11, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

Chandranath murder case I শুভেন্দুৰ সহায়কক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ তিনি অভিযুক্ত

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

May 11, 2026
Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

May 11, 2026
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত

Hantavirus I এইবাৰ হাণ্টা ভাইৰাছ, আটলাণ্টিক ক্ৰুজত আক্ৰান্ত দুজন ভাৰতীয়

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx