
যোৱা ৪ মে’ত ফলাফল ঘোষণাৰ পিছতে আৰম্ভ হোৱা চৰকাৰ গঠনক লৈ উত্তেজনা আৰু পাঁচ দিনৰ জটিলতাৰ অন্তত অৱশেষত দেওবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে তামিলাগা ভেত্ৰী কাঝাগাম (টিভিকে)ৰ মুৰব্বী তথা অভিনেতা-ৰাজনীতিবিদ জোচেফ বিজয় ওৰফে থালাপতি বিজয়ে (Tamilnadu Vijay) ।

বিগত কেইদিনমানৰ পৰা তামিলনাডু চৰকাৰ গঠনৰ ক্ষেত্ৰত যিদৰে প্ৰতি মুহূৰ্তত পৰিঘটনাৰ সাক্ষী হৈ আহিছে, সেইদৰে বিজয়ৰ মন্ত্ৰীসভাও নাটকীয় আৰু আশ্চৰ্যজনক।
তেওঁৰ মন্ত্ৰীসভাত আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদ, কমেডিয়ান, চিকিৎসক আৰু অৱসৰপ্ৰাপ্ত আমোলা। দেওবাৰে বিজয়ৰ সৈতে এন আনন্দ, আদৱ অৰ্জুন, এছ কীৰ্তন, কে জি অৰুণৰাজ, টি কে প্ৰভু, পি ভেংকটাৰমনন, নিৰ্মল কুমাৰ আৰু ৰাজমোহন অৰুমুগাম আৰু চেংগোটিয়ানে শপত গ্ৰহণ কৰে। বিজয়ৰ কেবিনেটত আছে দুজন চিকিৎসক, এজন কমেডিয়ান, এজন প্ৰাক্তন আমোলা আৰু টিভিকে ফেন ক্লাব এছোচিয়েচনৰ সভাপতি।
এন আনন্দ : বিজয়ৰ ফেন ক্লাব এছোচিয়েচোনৰ সভাপতি আছিল তেওঁ। বিজয়ে ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছৰে পৰা তেওঁ ফেন ক্লাবৰ সভাপতি। টিভিকে দল গঠনৰ আঁৰত আনন্দৰ ভূমিকা অনস্বীকাৰ্য। পিছত তেওঁক টিভিকেৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হয়। তেওঁ দলৰ মুখপাত্ৰও। চেন্নাইৰ ত্যাগৰাজনগৰ সমষ্টিত ডিএমকেৰ প্ৰাৰ্থী ৰাজা অনবাজাগানক ৫১ হাজাৰ ভোটত পৰাস্ত কৰি বিধায়ক হয়।
আদৱ অৰ্জুন : তেওঁ এজন প্ৰাক্তন বাস্কেটবল খেলুৱৈ। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছে। ক্ৰীড়াবিদ হিচাপে পৰিচিত হোৱাৰ উপৰি তেওঁৰ আন এক পৰিচয়ো আছে। অৰ্জুন এজন নিৰ্বাচন কৌশলী, সমাজকৰ্মীও। পূৰ্বৰ তামিলনাডু নিৰ্বাচনত ডিএমকেৰ নিৰ্বাচনী কৌশলৰ বিশেষজ্ঞ আছিল। ডিএমকেৰ জয়ৰ আঁৰত অৰ্জুনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এইবাৰ বিজয়ৰ মন্ত্ৰীসভাৰ সদস্য। তেওঁ ভিলিভাকম সমষ্টিৰ পৰা জয়লাভ কৰে।
এছ কীৰ্তন : তামিলনাডুৰ শিৱকাশীৰ এজন যুৱক। তেওঁ বিজয়ৰ মন্ত্ৰীসভাৰ আটাইতকৈ কম বয়সীয়া মন্ত্ৰী। শিৱকাশী সমষ্টিৰ পৰা জয়লাভ কৰি তেওঁ বিধায়ক হয়। এই শিৱকাশী সমগ্ৰ দেশতে ফটকা কাৰখানাৰ বাবে বিখ্যাত। তেওঁ হিন্দী ভাষাত অতি সাৱলীল। তেওঁ ৰাজনীতিৰ তৃণমূল পৰ্যায়ৰ পৰাই যুঁজি উঠি আহিছে। গণিত বিষয়ত স্নাতক আৰু জ্যোতিষত স্নাতকোত্তৰ। ৰাজনৈতিক উপদেষ্টা হিচাপেও কাম কৰি আহিছে।
কে জি অৰুণৰাজ : তেওঁ এজন চিকিৎসক। তেওঁ এজন প্ৰাক্তন আমোলাও। তেওঁ টিভিকেৰ নীতি নিৰ্ধাৰণৰ দায়িত্বত আছিল। নামককল জিলাৰ তিৰুচেংগোৰৰ পৰা জয়লাভ কৰি তেওঁ বিধায়ক হয়।
টি কে প্ৰভু : অৰুণৰাজৰ দৰে তেৱোঁ চিকিৎসক। প্ৰভু এজন দন্ত চিকিৎসক। কাৰাকুৰি সমষ্টিৰ পৰা জয়ী হৈ বিজয়ৰ মন্ত্ৰীসভাত স্থান লাভ কৰে।
চেংগোটাইয়ান : এআইএডিএমকেৰ এজন জ্যেষ্ঠ নেতা। যোৱা বছৰ তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। নিৰ্বাচনৰ পূৰ্বে বিজয়ৰ সৈতে হাত মিলায়। ইয়াৰ পিছত তেওঁ টিকট লাভ কৰি বিজয়ৰ মন্ত্ৰীসভাৰ সদস্য হৈ জয়ী হয়।
পি ভেংকটাৰমন : তেওঁ টিভিকেৰ কোষাধ্যক্ষ। প্ৰথমবাৰৰ বিধায়ক। তেওঁ নিজে এজন আইনজীৱী। ইয়াৰ বাহিৰেও তেওঁ ২০০০ চনৰ পৰা বিজয়ৰ মেনেজাৰ হিচাপে কাম কৰি আহিছে। ফলত ভেংকটাৰমনৰ বিজয়ৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। এইবাৰ মাইলাপুৰ সমষ্টিৰ পৰা জয়ী হৈ বিধায়ক হয়।
নিৰ্মল কুমাৰ : টিভিকেৰ ছ’চিয়েল মিডিয়া আৰু আই টি চেলৰ উপ-সাধাৰণ সম্পাদক। মাদুৰাইৰ তিৰুপাৰাংকুন্দ্ৰম সমষ্টিৰ পৰা তেওঁ জয়লাভ কৰে।
ৰাজমোহন আৰুমুগাম : তেওঁ এজন অভিনেতা, কমেডিয়ান আৰু প্ৰেৰণাদায়ক বক্তা। এগম’ৰৰ পৰা তেওঁ জয়ী হৈছে।
উল্লেখ্য যে এইবাৰ তামিলনাডুৰ নিৰ্বাচনত বিজয়ৰ টিভিকেয়ে ১০৮ খন আসন লাভ কৰে। অৱশ্যে বিজয়ে দুখন আসনত জয়লাভ কৰে। যদি তেওঁ এখন আসন ত্যাগ কৰে তেন্তে আসনৰ সংখ্যা ১০৭ খন হয়। কিন্তু চৰকাৰ গঠন কৰিবলৈ ১১৮ খন আসনৰ প্ৰয়োজন হৈছিল। আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল সংখ্যাৰ খেল। টিভিকেক কোনে সমৰ্থন কৰিব, কোনে নকৰে, চৰ্তসাপেক্ষ সমৰ্থন- এই সকলোবোৰে উত্তেজনাৰ সৃষ্টি কৰে।
ফলাফল ঘোষণা হোৱাৰ পাছতো পাঁচ দিন ধৰি সেই উত্তেজনা অব্যাহত আছিল। অৱশেষত কংগ্ৰেছ, ভিচিকে, চিপিআই, চিপিআইএম আৰু ইউনিয়ন মুছলিম লীগৰ সহযোগত বিজয়ে চৰকাৰ গঠন কৰে। দেওবাৰে তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।











