ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

Staff Reporter by Staff Reporter
May 15, 2026
Reading Time: 1 min read
A A
0
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

দিল্লী চৰকাৰে সপ্তাহত দুদিন ‘ঘৰৰ পৰা কাম’ৰ (Work From Home) প্ৰথা প্ৰৱৰ্তন কৰিছে। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ইন্ধনৰ খৰচ হ্ৰাস কৰিবলৈ আহ্বান জনায়। কৰোনা যুগৰ কথা সোঁৱৰাই দি পুনৰ ‘ঘৰৰ পৰা কাম’ আৰম্ভ কৰিবলৈ কয়।

Work From Home I
প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ:

সেই অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে দিল্লী চৰকাৰে ধাৰাবাহিক পদক্ষেপ গ্ৰহণ কৰি ইন্ধনৰ ব্যয় হ্ৰাস কৰাৰ লগতে দেশৰ বৈদেশিক মুদ্ৰাৰ মজুতৰ ওপৰত হেঁচা হ্ৰাস কৰাৰ বাবে ধাৰাবাহিক পদক্ষেপ গ্ৰহণ কৰে।

তাত কোৱা হৈছে যে দিল্লী চৰকাৰৰ অধীনত থকা কৰ্মচাৰীসকলে সপ্তাহত দুদিন ঘৰৰ পৰাই কাম কৰিব। অফিচলৈ গৈ তেল পুৰিবলৈ কোনো বাহন ব্যৱহাৰ কৰিব নালাগিব। ইয়াৰ বাহিৰেও এতিয়াৰে পৰা ৫০ শতাংশ কাৰ্যালয়ৰ বৈঠক অনলাইনযোগে অনুষ্ঠিত হ’ব। ফলত কৰ্মচাৰীসকলে সভাত উপস্থিত থাকিবলৈ কাৰ্যালয়লৈ যাব নালাগিব। ইয়াৰ ফলত যাত্ৰাৰ ইন্ধনৰ ব্যয় হ্ৰাস পাব।

দিল্লী চৰকাৰ আৰু ৰাজধানী চহৰ পৌৰসভাই কাৰ্যালয়ৰ সময় সলনি কৰাৰ সিদ্ধান্ত লৈছে। সকলোৱে একে সময়তে অফিচলৈ গ’লে পথত যান-জঁটৰ সৃষ্টি হয়। ব্যস্ততাৰ সময়ত ৰাস্তাত হোৱা সেই যান-জঁটে অতিৰিক্ত ইন্ধন খৰচ কৰে। চৰকাৰে সেইটো বন্ধ কৰিব বিচাৰিছে।

চৰকাৰী বিষয়াসকলে নিজৰ কাৰ্যালয়ৰ পৰা ব্যৱহাৰ কৰিবলৈ দিয়া যান-বাহনসমূহৰ ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে দিল্লী চৰকাৰে।

এই বাহনসমূহৰ বাবে পেট্ৰ’লৰ আবণ্টন ২০ শতাংশ হ্ৰাস কৰা হৈছে। এতিয়ালৈকে চৰকাৰী বাহনৰ পৰা প্ৰতিমাহে ২০০ লিটাৰতকৈ অধিক পেট্ৰ’ল খৰচ কৰিব পৰা নাছিল বিষয়াসকলে। এইবাৰ আৰু অধিক হ্ৰাস কৰা হৈছে।

ইন্ধনৰ সন্দৰ্ভত জনসচেতনতা বৃদ্ধিৰ বাবে দিল্লী চৰকাৰে ‘মেট্ৰ’ দিৱস’ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাহিৰেও চৰকাৰে নাগৰিকসকলক সপ্তাহত কমেও এদিন ‘গাড়ী নিষেধাজ্ঞা দিৱস’ পালন কৰিবলৈ উৎসাহিত কৰিব। সেইদিনা নাগৰিকক ব্যক্তিগত গাড়ী লোৱাৰ পৰিৱৰ্তে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ কোৱা হ’ব।

আগন্তুক ছমাহৰ বাবে কোনো নতুন গাড়ী ক্ৰয় নকৰাৰ কথা ঘোষণা কৰিছে দিল্লী চৰকাৰে। কর্মচাৰীসকলক ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিবলৈ চৰকাৰে ৫৮ খন বিশেষ বাছ মুকলি কৰিব বুলি দিল্লী চৰকাৰে জানিবলৈ দিছে৷ কেৱল চৰকাৰী কৰ্মচাৰীয়েহে এই বাছত উঠিব পাৰিব।

উল্লেখ্য যে ১০ মে’ত পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতি আৰু ভাৰতত ইয়াৰ প্ৰভাৱৰ বিষয়ে ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক কিছু আবেদন জনায়।

দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৰাহি কৰিবলৈ পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ অনুৰোধ জনায়। লগতে তেওঁ ৰন্ধন প্ৰণালীত খোৱা তেল কমকৈ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ সমান্তৰালকৈ মোদীয়ে কমেও এবছৰৰ বাবে সোণ কিনা বন্ধ কৰিবলৈ অনুৰোধ জনায়।

পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, খোৱা তেল, সোণ, তাম, ৰাসায়নিক সাৰ এই সামগ্ৰীসমূহৰ এক বৃহৎ অংশ ভাৰতে বহিঃৰাষ্ট্ৰৰ পৰা আমদানি কৰিবলগীয়া হয়। ইয়াৰ ফলত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুতত হেঁচা পৰিছে। বৰ্তমানৰ পৰিস্থিতিয়ে বিশ্বজুৰি এই সামগ্ৰীসমূহৰ যোগানৰ ওপৰত প্ৰভাৱ পেলাইছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পাইছে ইয়াৰ মূল্য। সেইবাবেই প্ৰধানমন্ত্ৰীয়ে দেশবাসীক এই সামগ্ৰীসমূহ পৰিমিতভাৱে ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়। দিল্লী চৰকাৰে সেই মতে পদক্ষেপ গ্ৰহণ কৰিছে।

Tags: কামৰ সময় সলনি;প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপসপ্তাহত দুদিন ঘৰৰ পৰা কাম
Share4Tweet3Send

Related Posts

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

by News Desk
June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

by News Desk
June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

by News Desk
June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

by News Desk
June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

by News Desk
June 30, 2026
50
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত
National-International

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

by News Desk
June 30, 2026
50
ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx