
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাৰ (NEET-UG 2026) নতুন তাৰিখ ঘোষণা কৰিছে। সংস্থাটোৱে জনোৱা মতে, অহা ২১ জুনত পুনৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

দেশৰ ২২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব। শুকুৰবাৰে এনটিএৰ এক্স হেণ্ডেলত পৰীক্ষাৰ তাৰিখ ঘোষণা কৰি জনোৱা হৈছে যে কেন্দ্ৰৰ সন্মতি সাপেক্ষে ২১ জুনত পৰীক্ষাৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।
উল্লেখ্য যে নীট প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ৩ মে’ত অনুষ্ঠিত হৈছিল নীট পৰীক্ষা। কিন্তু কিছুদিন পিছত গম পোৱা যায় যে প্ৰশ্নকাকত ফাদিল হৈছে। ইয়াৰ পিছত এনটিএয়ে সমগ্ৰ নীট পৰীক্ষা বাতিল কৰে।
শুকুৰবাৰে এনটিএয়ে এক্স হেণ্ডেলত প্ৰকাশ কৰা অধিসূচনাত অভিভাৱকসকলক যিকোনো তথ্যৰ বাবে আৰু পৰীক্ষাৰ বাবে এনটিএৰ নিজা ৱেবছাইট অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
উল্লেখ্য যে এনটিএয়ে ১২ মে’ত নীট পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে। ইফালে পৰীক্ষা বাতিল হোৱাৰ পিছত লাখ লাখ পৰীক্ষাৰ্থী অসন্তুষ্ট হৈ পৰে।
বিভিন্ন স্থানত প্ৰাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। অভিভাৱকসকলেও প্ৰতিবাদ সাব্যস্ত কৰে। পৰীক্ষা বাতিল হোৱাৰ পিছত এনটিএয়ে ঘোষণা কৰে যে ৭-১০ দিনৰ ভিতৰত পুনৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিব পাৰিব। তাৰ পিছত শুকুৰবাৰে ঘোষণা কৰা হয় নীটৰ নতুন তাৰিখ।











