ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটৰ সকলোৰে পৰিচিত ,’আলু’ নামেৰে জনপ্ৰিয় যুৱক মাধুৰ্যজিৎ বৰা আৰু নাই । গুৱাহাটীৰ হায়াত হাস্পতালত শিৰৰ এক অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পাছত বুধবাৰে কৰুণ মৃত্যক আঁকোৱালি লয় ২৩ বছৰীয়া যুৱকজনে। গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক, তেতেলীতল আছু গোটৰ প্ৰাক্তন সাধাৰণ সম্পাদক মাধুৰ্যই কেইদিনমানৰ আগলৈকে হাঁহি-মাতি ছাত্ৰ সন্থাৰ কাম-কাজত ব্যস্ত আছিল। চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰাৰ পাছতেই মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা ঘটনাক গোলাঘাটৰ ৰাইজে সহজভাৱে ল’ব পৰা নাই।
গোলাঘাট নগৰৰ সমীপৱৰ্তী খেজুৰিতলৰ মাধুৰ্য বৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে গোলাঘাটত আজি গভীৰ শোকৰ ছাঁ পৰে৷ আছুৰ এগৰাকী একনিষ্ঠ কৰ্মী হোৱাৰ উপৰি গোলাঘাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল মাধুৰ্য বৰা ওৰফে আলু৷ যুৱকজনৰ মৃত্যুত আছুৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অভিৱৰ্তন গোস্বামী, সভাপতি নিৰঞ্জন সোনোৱাল, সাধাৰণ সম্পাদক প্ৰিঞ্চ দলে, গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি যদুমনি গগৈ, গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংশুমান বৰুৱা, সাধাৰণ সম্পাদক বিশ্বজিৎ গগৈ আদিয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিছে। মাধুৰ্যৰ মৃত্যু আছুৰ বাবে অপূৰণীয় ক্ষতি বুলি তেওঁলোকে মন্তব্য কৰে।