
তামিলনাডুৰ মুখ্যমন্ত্ৰী (Chief Minister of Tamil Nadu) চি জোচেফ বিজয়ৰ (C Joseph Vijoy) নেতৃত্বাধীন তামিলনাডু কেবিনেটে বৃহস্পতিবাৰে (২১ মে’, ২০২৬) কংগ্ৰেছৰ দুজনকে (Two Congress members) ধৰি ২৩ জন নতুন বিধায়কৰ অন্তৰ্ভুক্তিৰ সৈতে ১০ৰ পৰা ৩২ লৈ বৃদ্ধি কৰে, যাৰ ফলত ই ৰাজ্যখনৰ প্ৰথম মিত্ৰজোঁট চৰকাৰ হৈ পৰিছে। তামিলনাডুৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে চেন্নাইৰ লোক ভৱনত বিজয়ৰ উপস্থিতিত মনোনীত মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। কংগ্ৰেছ বিধায়কসকলক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ লগে লগে দলটোৱে ৫৯ বছৰৰ পিছত চৰকাৰত যোগদান কৰিছে।

শেহতীয়া সম্প্ৰসাৰণৰ সৈতে, মুখ্যমন্ত্ৰী চি জোচেফ বিজয়কে ধৰি কেবিনেটৰ সংখ্যা ৩২ লৈ বৃদ্ধি পাইছে। প্ৰায় ছয় দশকৰ পিছত কংগ্ৰেছে এতিয়া ৰাজ্যিক মন্ত্ৰীসভালৈ উভতি আহিছে, ১৯৬৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে তামিলনাডু মন্ত্ৰীসভাত ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰা হৈছে। নতুনকৈ সম্প্ৰসাৰিত মন্ত্ৰীসভাত চাৰিগৰাকী মহিলা মন্ত্ৰীও অন্তৰ্ভুক্ত আছে। ৰাজ্যপাল বিশ্বনাথ আৰ্লেকাৰে আজি ৰাতিপুৱা লোকভৱনত অনুষ্ঠিত এক অনুষ্ঠানত নতুন মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়।
এই উপলক্ষে চৰকাৰক সমৰ্থন কৰা মিত্ৰজোঁটৰ দলসমূহৰ নেতাসকল উপস্থিত থাকে৷ মুখ্যমন্ত্ৰী জোচেফ বিজয়ৰ নেতৃত্বত দহদিনীয়া চৰকাৰখনক কংগ্ৰেছ, ভিচিকে, চিপিআই, চিপিএম, আইইউএমএল আৰু এআইএডিএমকেৰ একাংশ বিধায়কে সমৰ্থন কৰিছে। আজি ইয়াৰ পূৰ্বে নৱনিযুক্ত কংগ্ৰেছ মন্ত্ৰীসকলে ৰাজ্যখনৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ সৈতে শ্ৰীপেৰুম্বুদুৰৰ ৰাজীৱ গান্ধী স্মৃতিসৌধ পৰিদৰ্শন কৰি তেওঁৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চৰকাৰক সমৰ্থন কৰা এআইএডিএমকে গোটটো আজি লোক ভৱনত অনুষ্ঠিত মন্ত্ৰীসভা সম্প্ৰসাৰণ অনুষ্ঠানত উপস্থিত নাছিল।












