
উত্তৰ চীনত (North China) কয়লা খনিত হোৱা বিস্ফোৰণত (Explosion in coal mine) কমেও ৯০ জন লোকৰ মৃত্যু (Death of 90 people) হৈছে। দেশৰ ৰাজ্যিক সংবাদ মাধ্যমত এই কথা প্ৰকাশ৷ গেছ বিস্ফোৰণটো শ্বানছি প্ৰদেশৰ টংঝৌ গ্ৰুপৰ পৰিচালিত লিউচেনিউ কয়লা খনিত সংঘটিত হৈছিল। শতাধিক উদ্ধাৰকাৰীক ঘটনাস্থলীলৈ পঠিওৱা হৈছে। ৰাজ্যিক সংবাদ মাধ্যমৰ ফুটেজত দেখা গৈছে যে পেৰামেডিকসকলে ঠাইত ষ্ট্ৰেচাৰ কঢ়িয়াই ফুৰিছে। ১০০ৰো অধিক লোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি কোৱা হৈছে, ঘটনাস্থলীত উদ্ধাৰ কাৰ্য এতিয়াও চলি আছে।

শুকুৰবাৰে স্থানীয় সময় অনুসৰি (১১:২৯ জিএমটি) স্থানীয় সময় অনুসৰি ১৯:২৯ বজাত শ্বাংছিৰ এটা কয়লা খনিত বিস্ফোৰণটো সংঘটিত হৈছিল, ঘটনাৰ সময়ত ২৪৭ জন শ্ৰমিক কৰ্তব্যৰত আছিল। এই ঘটনাৰ পিছত, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে আহতসকলৰ চিকিৎসা আৰু জীৱিতসকলৰ সন্ধানৰ প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়। তেওঁ চৰকাৰক দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰিবলৈ আৰু দায়ীসকলক জবাবদিহি কৰিবলৈও কয়৷
ৰাজ্যিক সংবাদ মাধ্যমৰ মতে, কয়লা খনি চলাই থকা বিষয়াসকলক আটক কৰা হৈছে। গেছ বিস্ফোৰণৰ কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই, কিন্তু ৰাজ্যিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি খনিটোত কাৰ্বন মনোক্সাইডৰ স্তৰ – এক অত্যন্ত বিষাক্ত, গোন্ধহীন গেছ – “সীমা অতিক্ৰম কৰা দেখা গৈছে”। চীনৰ জৰুৰীকালীন ব্যৱস্থাপনা মন্ত্ৰালয়ে অভিযানটোত সহায় কৰিবলৈ ছটা উদ্ধাৰকাৰী দলৰ ৩৪৫ জন কৰ্মী প্ৰেৰণ কৰিছে। উল্লেখ্য যে চীনৰ অন্যতম দৰিদ্ৰ প্ৰদেশ শ্বাংছিক দেশখনৰ কয়লা খনিৰ ৰাজধানী বুলি জনা যায়।












