
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে (Modi Govt.) পাকিস্তান আৰু বাংলাদেশৰ (Pakistan and Bangladesh) প্ৰায় ৬ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত সুৰক্ষিত (Border secured) কৰাৰ বাবে ‘স্মাৰ্ট ব’ৰ্ডাৰ’ প্ৰকল্প আৰম্ভ কৰিবলৈ সাজু হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) এই কথা ঘোষণা কৰি কয়, “আগন্তুক এবছৰৰ ভিতৰত কাম আৰম্ভ হ’ব। এই পদক্ষেপৰ সৈতে আমাৰ লক্ষ্য হৈছে সেই সীমান্তসমূহক অভেদ্য কৰি তোলা আৰু অঞ্চলটোৰ জনগাঁথনি সলনি কৰাৰ যিকোনো প্ৰচেষ্টাক বিফল কৰা।”

দিল্লীত সীমান্ত সুৰক্ষা বাহিনীয়ে আয়োজন কৰা বাৰ্ষিক ৰুস্তমজী সোঁৱৰণী বক্তৃতাত শ্বাহে কয় যে এই প্ৰযুক্তিভিত্তিক ‘স্মাৰ্ট সীমান্ত’ প্ৰকল্পই ড্ৰ’ন, ৰাডাৰ আৰু চোৱাচিতা কেমেৰাৰ সহায়ত এক ত্ৰুটিহীন চোৱাচিতাৰ আন্তঃগাঁথনিৰ সৃষ্টি কৰিব। নদীৰ পাৰৰ অঞ্চল আৰু আকাশমণ্ডলো সুৰক্ষিত কৰা হ’ব। এই ক্ষেত্ৰত বিএছএফক সকলো কাৰিকৰী সহায় আগবঢ়াব চৰকাৰে। বাংলাদেশ সীমান্তৰ যিবোৰ অঞ্চলত এতিয়াও বেৰ দিয়া হোৱা নাই সেইবোৰত কাম ক্ষিপ্ৰতাৰে সমাপ্ত কৰা হ’ব বুলিও তেওঁ কয়।
বি এছ এফৰ বৈঠকত শ্বাহে কয় যে বাংলাদেশ সীমান্তৰ কিছু অঞ্চলত অবিৰত অনুপ্ৰৱেশৰ বাবে জনসাধাৰণৰ চৰিত্ৰ সলনি হোৱাৰ আশংকা আছে। ইয়াৰ পিছত তেওঁৰ মন্তব্য আছিল, “ত্ৰিপুৰা, পশ্চিমবংগ আৰু অসমৰ চৰকাৰ (কাকতলীয়াকৈ তিনিওখন বিজেপিৰ দ্বাৰা পৰিচালিত) কেন্দ্ৰৰ অনুপ্ৰৱেশ ৰোধৰ নীতিৰ সৈতে একমত। চৰকাৰে প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰিবলৈ বদ্ধপৰিকৰ।” তেওঁ জোৰ দি কয় যে মোদী চৰকাৰে অহা এবছৰৰ ভিতৰত পাকিস্তান-বাংলাদেশ সীমান্তত শক্তিশালী নিৰাপত্তা বেল্ট নিৰ্মাণৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে বাংলাদেশ আৰু ভাৰতৰ মুঠ সীমান্ত প্ৰায় ৪,০৯৬ কিলোমিটাৰ। ইয়াৰে পশ্চিমবংগৰ সীমান্ত প্ৰায় ২,২১৯ কিলোমিটাৰ দৈৰ্ঘ্য। ইয়াৰে প্ৰায় ১,৬৫০ কিলোমিটাৰ কাঁইটীয়া তাঁৰেৰে বেৰ দিয়া হৈছে। বাকী ৫৬৯ কিলোমিটাৰ কাঁইটীয়া তাঁৰবিহীন।











