
জম্মু-কাশ্মীৰত (J & K) এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ (Rape of a minor girl) কৰি হত্যাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে কিশোৰীগৰাকীৰ ঘৰৰ পৰা ২০০ মিটাৰ দূৰত্বত উদ্ধাৰ কৰিছে মৃতদেহ। অৱশ্যে এই ঘটনাত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। এই ঘটানৰ পিছতে অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে। স্থানীয় ৰাইজে দোষীক শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
জম্মু-কাশ্মীৰৰ বুডগাম জিলাৰ গালৱানপোৰা গাঁৱৰ কিশোৰীগৰাকী শনিবাৰে বিয়লিৰ পৰা সন্ধানহীন হৈ আছিল। দেওবাৰে পুৱা ঘৰৰ সমীপৰ পথাৰত উদ্ধাৰ হয় মৃতদেহ। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে তেওঁক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। বুডগামৰ এছ এছ পি হৰিপ্ৰসাদ কেয়ে জনোৱা মতে, দেওবাৰে পুৱা প্ৰায় ৭.১৫ বজাত নিৰুদ্দেশ হোৱা কিশোৰীগৰাকীৰ মৃতদেহ পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। তেওঁৰ ঘৰৰ পৰা ২০০ মিটাৰ দূৰত্বত এই ঠাইখন। আৰক্ষীয়ে যাৱতীয় সকলো চিকিৎসা আৰু আইনী নীতি-নিয়ম গ্ৰহণ কৰিছে। প্ৰাথমিক ইংগিত পোৱা গৈছে যে তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল।

ঘটনাৰ তদন্তৰ বাবে কাশ্মীৰ আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে। তেওঁলোকে সম্ভাৱ্য সকলো দিশলৈ লক্ষ্য কৰিছে। আৰক্ষীয়ে গাঁওবাসীক স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ আশ্বাস দিছে। স্থানীয় লোকে জনোৱা মতে, শনিবাৰে বিয়লি প্ৰায় ৪ বজাত কিশোৰীগৰাকী ঘৰৰ পৰা ওলাই গৈছিল। তেওঁ মাদ্ৰাছালৈ গৈছিল, গতিকে তেওঁৰ লগত কোৰআন আছিল। এজন স্থানীয় লোকে ক, “অঞ্চলটোত ইমান মানুহ থকাৰ পিছতো তেওঁ কেনেকৈ নিৰুদ্দেশ হ’ল আমি বুজিব পৰা নাই। হত্যাকাৰীক তৎক্ষণাত ধৰিব লাগিব, শাস্তি দিব লাগিব। আমি ছোৱালীজনীৰ ন্যায় বিচাৰো।” ছোৱালীজনীৰ হাতত থকা কোৰআনখনো তেওঁৰ মৃতদেহৰ কাষত উদ্ধাৰ হোৱা বুলি বাতৰিত প্ৰকাশ পাইছে।
আনহাতে, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই ঘটনাক তীব্ৰ গৰিহণা দিছে। তেওঁ এই ঘটনাক ‘মৰ্মান্তিক আৰু বেদনাদায়ক’ বুলি অভিহিত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে। কাশ্মীৰ চৰকাৰে ছোৱালীজনীৰ পৰিয়ালৰ কাষত থিয় দিছে। এই ঘটনাক লৈ কাশ্মীৰতো ৰাজনৈতিক উত্তেজনা আৰম্ভ হৈছে। সামগ্ৰিক আইন-শৃংখলাৰ পৰিস্থিতি আৰু মহিলাৰ সুৰক্ষাক লৈও প্ৰশ্ন উত্থাপন হৈছে।












