
মঙলবাৰে ডিফুত উদযাপন (Celebrating at Diphu) কৰা হয় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস (75th Foundation Day)। উল্লেখ্য যে ১৯৫২ বৰ্ষৰ ২৩ জুনত পোন প্ৰথমে গঠন হৈছিল কাৰ্বি আংলং জিলা পৰিষদ। কাৰ্বি জিলা পৰিষদৰ প্ৰথম মুখ্য কাৰ্যবাহী সদস্য আছিল খৰছিং তেৰাং। তেৰাঙে একে সময়ত বিধায়ক আৰু মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এই ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিফুৰ তাৰালাংছ’ৰ বাকৰিৰ ৰাংছিনা ছাৰপ মঞ্চত দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়। পুৱাৰ ভাগত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পতকা উত্তোলন কৰে। আনহাতে, ছেমছন ছিং ইতি, খৰছিং তেৰাং আৰু ছাৰছিং তেৰনণে লাংকুং হাবেৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে পৰিষদৰ ক্ষমতা আৰু প্ৰতিষ্ঠা সন্দৰ্ভত বক্তব্য ৰাখে।
ইফালে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ ১৯৮ গৰাকী সহকাৰী প্ৰাথমিক শিক্ষকক নিযুক্তি-পত্ৰ প্ৰদান কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা ব্যক্তিসকলকো সম্বৰ্ধনা জনোৱা হয়।

নিজৰ ভাষণত চিইএম তুলিৰাম ৰংহাঙে কয়, “জিলাবাসীৰ বাবে আজিৰ দিনটো এটা গৌৰৱৰ দিন। কাৰ্বিসকলৰ চহকী কলা-সংস্কৃতি সংৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত গঠন কৰা হৈছে এই পৰিষদ। কাৰ্বি পৰিষদৰ সুকীয়া সংবিধান তথা পৰম্পৰাগত আইনী ব্যৱস্থা আছে।” লগতে তেওঁ জিলাখনত বসবাস কৰা সকলো জাতি-জনজাতিৰ লোকৰ উন্নয়নৰ স্বাৰ্থত কাৰ্বি পৰিষদে কাম কৰি যাব বুলিও উল্লেখ কৰে।













