
এগৰাকী মহিলাই স্থানীয় পঞ্চায়তত তেওঁক ধৰ্ষণৰ অভিযোগ (Rape accusation) উত্থাপন কৰে। কিন্তু পঞ্চায়তখনে সেই অভিযোগ শুনিবলৈ অনিচ্ছুক হৈ অভিযোগকাৰীকে কাণত ধৰাই থু চেলেকিবলৈ বাধ্য কৰায়। এই অভিযোগক লৈ বিহাৰৰ বেগুচৰাই (Begusarai of Bihar) থানা এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। তাত এগৰাকী মহিলাই কাণত ধৰি থিয় হৈ থকা দেখা গৈছে। ইয়াৰ পিছত তেওঁ ৰাস্তাত হাউলি থু চেলেকিছে। ভিডিঅ’টো দেখাৰ পিছতে তৎপৰ হয় আৰক্ষী। এই সন্দৰ্ভত ১ আগষ্টত এজাহাৰ দাখিল কৰা হয়। ঘটনাটো জুন মাহৰ।
আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ২ জুনৰ নিশা এগৰাকী মহিলাক ঘৰত প্ৰৱেশ কৰি চুবুৰীয়াই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী নাবালক সন্তান দুটাৰ সৈতে ঘৰতে থাকে। তেওঁৰ স্বামী কৰ্মসূত্ৰে আন এখন ৰাজ্যত থাকে। অভিযোগকাৰীয়ে দাবী কৰিছে যে তেওঁক ধৰ্ষণ কৰাৰ পিছত অভিযুক্তই খিৰিকীৰে পলাবলৈ চেষ্টা কৰিছিল। গাঁৱৰ দুজনমানে তেওঁক ধৰে। কিন্তু আৰক্ষীক খবৰ নিদিয়াকৈয়ে পঞ্চায়তখনৰ সদস্যসকলক মাতি অনা হয়। তাত দুয়োৰে বিচাৰ আৰম্ভ হয়। ধৰ্ষক আৰু ধৰ্ষণকাৰী দুয়োকে সকলোৰে সন্মুখত দোষাৰোপ আৰু অপমান কৰা হয়। কিন্তু তেওঁ কি ভুল কৰিলে বুলি অভিযোগকাৰীয়ে প্ৰশ্ন কৰাৰ পিছতো তেওঁক শাস্তিৰ পৰা ৰেহাই নিদিলে।

পৰৱৰ্তী ভিডিঅ’ ফুটেজত এজন লোকক দেখা গৈছে। তেওঁ ধৰ্ষণৰ অভিযুক্ত বুলি সন্দেহ কৰা হৈছে। তেৱোঁ কাণত ধৰি ক্ষমা খুজি থু চেলেকিবলৈ বাধ্য হয়। এই ভিডিঅ’টো প্ৰথমে ছ’চিয়েল মিডিয়াত ৩০ জুলাইত ভাইৰেল হৈছিল। পিছদিনা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকৰ তদন্ত অব্যাহত আছে। কিন্তু এতিয়ালৈকে কাকো আটক বা গ্ৰেপ্তাৰ কৰা হোৱা নাই।
আনহাতে, গাঁওবাসীৰ একাংশই দাবী কৰে যে ধৰ্ষণ সংঘটিত হোৱা নাছিল। মহিলাগৰাকী আৰু পুৰুষজনৰ মাজত আছিল ‘অবৈধ সম্পৰ্ক’। মহিলাগৰাকীৰ স্বামী তামিলনাডুত থাকে। সেই সুযোগ গ্ৰহণ কৰি তেওঁ গাঁৱৰ যুৱকজনৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল। যোৱা জুন মাহত আপত্তিজনক পৰিস্থিতিত ধৰা পৰাৰ পিছতে তেওঁলোকক শাস্তি প্ৰদান কৰা হৈছিল। কিন্তু আৰক্ষীৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে পঞ্চায়তখনে কিয় এনেদৰে বিচাৰ অনুষ্ঠিত কৰিছিল তাৰ উত্তৰ ওলোৱা নাই। ভাইৰেল হোৱা ভিডিঅ’টো চাই স্বতঃস্ফূৰ্তভাৱে গোচৰ ৰুজু কৰা বুলি আৰক্ষীয়ে জনায়। তদন্ত অব্যাহত আছে। জানিব পৰা মতে, ১ আগষ্টত মহিলাগৰাকীয়ে থানাত এজাহাৰো দাখিল কৰিছিল।













