
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক-বিৰোধী উভয়ে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত। তাৰ মাজতে সোমবাৰে সংঘটিত হয় প্ৰাক-নিৰ্বাচনী হিংসা। সমষ্টিটোৰ অন্তৰ্গত চামগুৰি বিধানসভা সমষ্টিৰ বৰমাত কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়। ইয়াৰ মাজতে সোমবাৰে কংগ্ৰেছৰ কেইবাগৰাকীও নেতাৰ কনভয়ত শিলগুটি দলিওৱাৰ ঘটনা সংঘটিত হয়। ইয়াৰ বাবে কংগ্ৰেছে বিজেপি কৰ্মীৰ দিশে অভিযোগৰ আঙুলি টোঁৱাইছে।
আনহাতে, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাৰ্বি আংলং ভ্ৰমণৰত মুখ্যমন্ত্ৰীয়ে ডিফুত সোমবাৰে চামগুৰিত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “ৰকিবুল হুছেইন থকালৈকে চামগুৰি সমষ্টিত হিংসা থাকিবই। চামগুৰি সমষ্টিত কংগ্ৰেছৰ দুটা ফৈদ আছে। এই দুয়োটা ফৈদৰ মাজতে হিংসাত্মক কাৰ্যকলাপ চলি থাকে। অসমৰ ১২৫টা সমষ্টিত নিৰ্বাচন শান্তিপূৰ্ণ হয়। কেৱল এটা সমষ্টিতহে সদায় হিংসা কিয় হয়? চামগুৰি সমষ্টিত ২০১৬ৰ নিৰ্বাচনত মই নিজেও হিংসাৰ বলি হৈছিলোঁ।”

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে নগাঁও লোকসভা সমষ্টিত পূৰ্বতেও সংখ্যালঘু ভোটাৰে বিজেপিক ভোট দিছিল যদিও। অৱশ্যে সেয়া সংখ্যাত কম আছিল। কিন্তু বিজেপিৰ উন্নয়ৰ প্ৰতি আকৰ্ষিত হৈ এইবাৰৰ উপ-নিৰ্বাচনত সংখ্যালঘু লোকে বিজেপিক ভোট দিব বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে।
উল্লেখ্য যে নগাঁও উপ-নিৰ্বাচনৰ বাবে অহা ২৮ ছেপ্টেম্বৰৰ পৰা মুখ্যমন্ত্ৰীয়ে নগাঁও লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। আনহাতে, নগাঁৱত উপস্থিত হোৱাৰ পিছতহে তেওঁ সমষ্টিটোৰ নিৰ্বাচনী প্ৰেক্ষাপট কি সেই সন্দৰ্ভত মন্তব্য আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ ৰণকৌশৰ অংশ হিচাপে দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ডিফুত উপস্থিত হয় মুখ্যমন্ত্ৰী। তেওঁ বিভিন্ন দল-সংগঠনৰ সৈতে মত বিনিময় কৰাৰ লগতে দলীয় নেতা-কৰ্মীসকলৰ সৈতেও আলোচনাত মিলিত হয়। আনহাতে, মুখ্যমন্ত্ৰীয়ে অহা এপ্ৰিল মাহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে। মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণৰ সময়ত সোমবাৰে সন্ধিয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাঙৰ প্ৰয়াত পিতৃ জয়ছিং ৰংহাঙলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পিছত নিশাটো ডিফুত কটাই মঙলবাৰে পুৱাৰে জিলাখনৰ বিভিন্ন দল-সংগঠনৰ সৈতে মত বিনিময় কৰে।












