ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

নিউজ ডেস্কঃ

News Desk by News Desk
August 7, 2026
Reading Time: 1 min read
A A
0
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Rahul Gandhi : মই স্ক্ৰিপ্ট বা টেলিপ্ৰম্পটাৰ অবিহনে উত্তৰ দিবলৈ চেষ্টা কৰিম, ইনষ্টাগ্ৰামত যুৱক-যুৱতীসকলৰ পৰা প্ৰশ্ন বিচাৰি মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

ডিজিটেল বিত্তীয় লেনদেনৰ মাধ্যম ‘ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ’ত (UPI)(ইউপিআই) চাৰ্জ আৰোপ কৰাৰ পথ প্ৰশস্ত (way to impose charges is clear) কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে (Modi Govt.)। বৃহস্পতিবাৰে লোকসভাই সংশ্লিষ্ট আইন সংশোধনৰ বাবে এখন বিধেয়ক গৃহীত কৰে (পেমেণ্ট এণ্ড ছেটেলমেণ্ট চিষ্টেমছ এক্ট, ২০০৭) (Payment and Settlement Systems Act, 2007)। ফলত এতিয়াৰ পৰা বেংক বা সংশ্লিষ্ট পেমেণ্ট সেৱা প্ৰদানকাৰীয়ে ইউপিআই আৰু অন্যান্য ডিজিটেল লেনদেনত ‘মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট’ (MDR) (এমডিআৰ) ল’ব পাৰিব। সেইবোৰ অনুমোদন দিয়াৰ ক্ষমতা চৰকাৰৰ হাতত থাকিব।

বৃহস্পতিবাৰে বিৰোধী মিত্ৰজোঁটৰ সাংসদসকলে বাৰে বাৰে লোকসভাত অযোধ্যাৰ ৰাম মন্দিৰত প্ৰণামী চুৰি সন্দৰ্ভত আলোচনাৰ দাবীত মাত মাতিছিল। ইয়াৰ মাজতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা কৰ আৰু অন্যান্য আইন (সংশোধনী) বিধেয়কখন কোনো বিতৰ্ক নোহোৱাকৈ গৃহীত হয়। যাৰ জৰিয়তে ‘পেমেণ্ট এণ্ড ছেটেলমেণ্ট চিষ্টেমছ এক্ট, ২০০৭’ সংশোধনৰ ব্যৱস্থা আছে। সংশোধনী বিধেয়কখনে কেন্দ্ৰীয় চৰকাৰক কিছুমান ইলেক্ট্ৰনিক পেমেণ্টৰ বাবে এমডিআৰ চাৰ্জ (প্ৰকৃততে ‘সেৱা মাচুল’) আৰোপ আৰু অনুমোদন কৰাৰ ক্ষমতা প্ৰদান কৰিছে। বৰ্তমান ইউপিআই পেমেণ্টৰ ওপৰত কোনো ধৰণৰ চাৰ্জ বা মাচুল কাৰ্যকৰী কৰাৰ কোনো প্ৰস্তাৱ নাই। অৱশ্যে এই আইনখন সংশোধন হ’লে চৰকাৰে ভৱিষ্যতে অধিসূচনাৰ জৰিয়তে বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰীক সেৱা চাৰ্জ বা লেভি ল’বলৈ অনুমতি দিব পাৰিব।

যদিও এনইএফটি আৰু আৰটিজিএছৰ দৰে লেনদেনত বৰ্তমান চাৰ্জ থাকে, কিন্তু ইউপিআই ইয়াৰ বাহিৰত আছিল। অৰ্থাৎ এই মাধ্যমৰ জৰিয়তে ধন পৰিশোধ কৰাৰ বাবে মানুহে কোনো অতিৰিক্ত ধন দিব নালাগিছিল। বিশেষজ্ঞসকলৰ মতে, সমগ্ৰ দেশতে ইয়াৰ বিপুল বৃদ্ধিৰ আঁৰৰ অন্যতম কাৰণ এইটোৱেই। কিন্তু এতিয়া প্ৰশ্ন হৈছে, আইন সংশোধন কৰি চাৰ্ভিচ চাৰ্জ আৰোপ কৰিলে ইউপিআইৰ ব্যৱহাৰ হ্ৰাস পাব আৰু নগদ ধনৰ চাহিদা পুনৰ বৃদ্ধি পাব নেকি? এই বিষয়ত বিৰোধীয়েও মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। কংগ্ৰেছে দাবী কৰিছে যে কেন্দ্ৰই ইয়াৰ জৰিয়তে বিদেশী লেনদেন কোম্পানীক সুবিধা প্ৰদানৰ চেষ্টা চলাইছে।

upi1 | ASSAM TIMES POST
ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত লিখিছে, “কৰ আৰু অন্যান্য আইন (সংশোধনী) বিধেয়ক-২০২৬ৰ জৰিয়তে মোদী চৰকাৰে ইউপিআইৰ লেনদেন বিনামূলীয়াকৈ কৰা আইনী নিশ্চয়তা আঁতৰাইছে। ইয়াৰ দ্বাৰা এমডিআৰ চাৰ্জ আৰোপ কৰাৰ বাট মুকলি কৰা হৈছে, যিটো ভৱিষ্যতে সকলো ধৰণৰ পেমেণ্টলৈ সহজে বৃদ্ধি কৰিব পৰা যাব। ইয়াৰ খৰচ সাধাৰণ মানুহৰ ওপৰলৈ যোৱাটো অনিবাৰ্য, যিয়ে এইবাৰ ইউপিআইৰ লেনদেন কৰিবলৈ ধন দিব লাগিব।’’

ৰমেশে দাবী কৰে যে ২০২৫-২৬ বিত্তীয় বৰ্ষত ৰিজাৰ্ভ বেংকে লভ্যাংশ বা উদ্বৃত্ত পুঁজি হিচাপে ২ লাখ ৮৬ হাজাৰ কোটি টকা মোদী চৰকাৰলৈ হস্তান্তৰ কৰিছে। তেওঁ কয়, “এই উদ্বৃত্ত পুঁজিৰ এটা সৰু অংশই এই গুৰুত্বপূৰ্ণ ডিজিটেল লেনদেনৰ আন্তঃগাঁথনি সমৰ্থন কৰিবলৈ যথেষ্টতকৈও অধিক।” আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হেঁচাত দেশখনৰ ডিজিটেল লেনদেন কোম্পানীসমূহক সুযোগ দিবলৈ এই কাম কৰা হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰমেশে মন্তব্য কৰে, “এই সংশোধনী বিধেয়ক অনাৰ প্ৰকৃত কাৰণটো সম্ভৱতঃ অধিক চিন্তনীয়। এইটো ‘আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি’ৰ ২০২৬ চনৰ প্ৰতিবেদনৰ পিছত আহিছে।য’ত ইউপিআই আৰু ৰুপেৰ জৰিয়তে হোৱা লেনদেনসমূহ মুক্ত বুলি সমালোচনা কৰা হৈছে আৰু ইয়াৰ দ্বাৰা পৰিচালিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।”

বিত্ত মন্ত্ৰালয়ৰ এক সূত্ৰৰ উদ্ধৃতি দি এই খবৰটোৱে দাবী কৰিছে যে যদিহে এই নতুন আইনখন কাৰ্যকৰী হয় তেন্তে সাধাৰণ জনতাৰ মাজত বা ‘ব্যক্তিলৈ ব্যক্তি’ৰ মাজত ইউপিআইৰ লেনদেন পূৰ্বৰ দৰেই সম্পূৰ্ণ বিনামূলীয়া হৈ থাকিব। অৱশ্যে ভৱিষ্যতে বৃহৎ ব্যৱসায়ী বা বাণিজ্যিক সংস্থাৰ দ্বাৰা নিৰ্দিষ্ট পৰিমাণৰ (২০০০ টকাতকৈ অধিক) লেনদেনৰ বাবে এমডিআৰ চাৰ্জ প্ৰযোজ্য হ’ব পাৰে (যাৰ বাৰ্ষিক ব্যৱসায় ১.৫ কোটিতকৈও অধিক)। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও বৃহস্পতিবাৰে সংবাদ মাধ্যমত লিখিছে, “এমডিআৰ কেৱল ব্যৱসায়ীসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য, শেষ ব্যৱহাৰকাৰী বা গ্ৰাহকৰ ক্ষেত্ৰত নহয়। ই বেংক আৰু ফিনটেকসমূহক আন্তঃগাঁথনি, উদ্ভাৱন আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অধিক বিনিয়োগ কৰাত সহায় কৰিব।”

Tags: UPICharge
Share4Tweet3Send

Related Posts

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মই স্ক্ৰিপ্ট বা টেলিপ্ৰম্পটাৰ অবিহনে উত্তৰ দিবলৈ চেষ্টা কৰিম, ইনষ্টাগ্ৰামত যুৱক-যুৱতীসকলৰ পৰা প্ৰশ্ন বিচাৰি মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 7, 2026
50
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

by News Desk
August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

by News Desk
August 7, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

by News Desk
August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

by News Desk
August 6, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 6, 2026
50
ADVERTISEMENT
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

August 7, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মই স্ক্ৰিপ্ট বা টেলিপ্ৰম্পটাৰ অবিহনে উত্তৰ দিবলৈ চেষ্টা কৰিম, ইনষ্টাগ্ৰামত যুৱক-যুৱতীসকলৰ পৰা প্ৰশ্ন বিচাৰি মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

August 7, 2026
50
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

August 7, 2026
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

Rahul Gandhi : মই স্ক্ৰিপ্ট বা টেলিপ্ৰম্পটাৰ অবিহনে উত্তৰ দিবলৈ চেষ্টা কৰিম, ইনষ্টাগ্ৰামত যুৱক-যুৱতীসকলৰ পৰা প্ৰশ্ন বিচাৰি মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

August 7, 2026
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx