
তামিলনাডুৰ চেন্নাইৰ পিছত এইবাৰ মুম্বাইলৈ (Mumbai) উভতি আহিছে মেপাল ভ্ৰমণলৈ যোৱা পৰ্যটক (Nepal Tourist)। কৈলাস-মানসৰোবৰ তীৰ্থযাত্ৰালৈ যাওঁতে মহাৰাষ্ট্ৰৰ ৪১ গৰাকী পৰ্যটক দুৰ্যোগৰ সন্মুখীন হৈছিল। ঘটনাৰ পিছৰে পৰা পৰ্যটকসকলৰ পৰিয়ালে উদ্বিগ্নতা আৰু ভয়ত জীৱন কটাবলগীয়া হৈছিল। অৱশেষত শনিবাৰে মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে পৰ্যটকসকলে। তাৰে কিছুমানে নেপালৰ পৰা উভতি অহাৰ পিছত হোৱা ভয়ানক অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে।
উল্লেখ্য যে বুধবাৰে পুৱা নেপাল-তিব্বত সীমান্তত ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি হয়। আকস্মিক বানৰ ফলত গাঁৱৰ পিছত গাঁও, আনকি নেপাল-তিব্বত সীমান্তৰ গিৰাঙত থকা ইমিগ্ৰেচন কাৰ্যালয়টোও নিঃশেষ হৈ গৈছে। পৰ্যটকসকলে এই পথেৰে কৈলাস যাত্ৰালৈ যায়। যাত্ৰা আৰম্ভ কৰাৰ আগতে এই ইমিগ্ৰেচন কাৰ্যালয়ত প্ৰয়োজনীয় নথি-পত্ৰ দেখুৱাই ক্লিয়াৰেন্স ল’ব লাগে। মহাৰাষ্ট্ৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি, দুৰ্যোগৰ পূৰ্বে কৈলাস যাত্ৰালৈ গৈছিল পৰ্যটকসকল। কৈলাস-মানসৰোবৰ ভ্ৰমণ কৰি উভতি অহাৰ পথত তেওঁলোক দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয়।

সুবোধ শথৰ পত্নী শ্যামা নেপাল ভ্ৰমণলৈ গৈছিল। সুবোধে কয়, “বিগত ৪৮ ঘণ্টা ধৰি মই উদ্বেগত আছিলোঁ। কিন্তু এতিয়া মোৰ পত্নীক দেখাৰ পিছত আশাৰ সঞ্চাৰ হ’ল।” আন এগৰাকী পৰ্যটক স্মিতা পাৱাৰে সংবাদ মাধ্যমক কয়, “আমি সকলোৱে নেপাল-তিব্বত সীমান্তলৈ ৰাওনা হ’লোঁ। কিন্তু আমাৰ কেইজনমান সদস্য অসুস্থ হৈ পৰিল। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হ’ল। ফলত আমি সেই সময়লৈ অপেক্ষা কৰিবলগীয়া হ’ল।” স্মিতাই জানিবলৈ দিয়া মতে, যিসময়ত তেওঁলোকে গিৰাং সীমান্তত উপস্থিত হ’বলগা আছিল, সেই সময়তে আকস্মিক বান আহিছিল। তেওঁ কয়, “ভগৱানে আমাক এই যাত্ৰাত ৰক্ষা কৰিলে।” স্মিতাই কয় যে দুৰ্যোগৰ বাবে তেওঁলোক তিব্বতী সাগাত আবদ্ধ হৈ পৰিছিল। পৰ্যটকসকলে নিৰাপদে উভতি অহাৰ পিছত স্বস্তিৰ নিঃশ্বাস লৈছে।
মহাৰাষ্ট্ৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি, ৰাজ্যখনৰ পৰা ৪০৪ গৰাকী পৰ্যটক নেপাল ভ্ৰমণলৈ গৈছিল। সকলো নিৰাপদে আছে। এগৰাকী প্ৰশাসনিক বিষয়াই জনোৱা মতে, ৩৩৮ জন লোকৰ সৈতে যোগাযোগ কৰা সম্ভৱ হৈছে। নেপালৰ পৰা পৰ্যটকসকল পৰ্যায়ক্ৰমে উভতি আহিছে। উল্লেখ্য যে দেওবাৰলৈকে নেপালত এই দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৩৪ জন আৰু নিৰুদ্দেশ হৈছে ২৪৯৮ জন।











