
আজি সমগ্র ৰাজ্যজুৰি পালন কৰা হৈছে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। এই উপলক্ষে জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ পৱিত্ৰ জন্ম শতবাৰ্ষিকী উপলক্ষে মুখ্যমন্ত্ৰীয়ে জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উপস্থিত হৈ সুধাকণ্ঠৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জনায়।

আনহাতে, এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰায় ৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ‘ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়’ৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে। লগতে নতুন প্ৰজন্মৰ মাজত সুধাকণ্ঠৰ অমৰ সৃষ্টিৰাজি প্ৰসাৰৰ উদ্দেশ্যে এটি ‘ইনষ্টা-ৰীল’ প্ৰতিযোগিতাৰো আজি শুভাৰম্ভ কৰা হয়।
অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।













