
সোমবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনে (Assam Cabinet) বৈঠক। এই বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা কেবিনেট বৈঠকত গ্ৰহণ কৰা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে :
– আগন্তুক ৫ বছৰত ২ লাখ নিযুক্তিৰ চিন্তা
– শীঘ্ৰে ৰাজ্যত হ’ব চৰকাৰী কৰ্মচাৰীৰ পদোন্নতি
– সচিবালয়ত কনিষ্ঠ কম্পিউটাৰ অপাৰেটৰৰ পদোন্নতিৰ বাবে ৪ বছৰৰ চাকৰি জীৱনৰ পৰা ৩ বছৰলৈ হ্ৰাস
– ইয়াৰ ফলত খালী হ’ব ৩০০ পদ
– আন বিভাগসমূহত পদোন্নতিৰ ক্ষেত্ৰতো নিৰ্দেশনা দিয়া হ’ব
– সেনাবাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰাসকলৰ বাবে চাকৰিৰ আবেদনৰ বয়সৰ সীমা ৪৫ বছৰলৈ বৃদ্ধি
– ১ নৱেম্বৰৰ পৰা ৰাজ্যত খেল মহাৰণ
– ২০২৭ চনৰ ১৮-২৩ জানুৱীৰত ৰাজ্যিক পৰ্যায়ত খেল মহাৰণৰ গুৱাহাটীত ফাইনেল
– এইবাৰৰ পৰা ১২ বছৰৰ তলৰ শিশুসকলৰ বাবে ‘শিশু খেল মহাৰণ’
– ‘শিশু খেল মহাৰণ’ৰ পৰা ৩০০ প্ৰতিভাৱান শিশুক বাছনি কৰা হ’ব
– বাছনি কৰা প্ৰতিভাৱান শিশু খেলুৱৈসকলক বৃত্তি প্ৰদানৰ লগতে উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা
– চৰকাৰী কাৰ্যালয়ত দালালৰাজ বা মধ্য়ভোগীৰ দপদপনিৰ অন্ত পেলাবলৈ বিশেষ পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা













