ASSAM TIMES POST
নিউজ ডেস্ক
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বিগত এক সপ্তাহ ধৰি গুৰুত্বৰভাৱে অসুস্থ হৈ থকা অখিল গগৈক স্বাস্থ্য পৰীক্ষা কৰা বাবে আজি অনা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।পুৱা ৯.৩০বজাত জেইল কতৃপক্ষই চিকিৎসাৰ বাবে গগৈক লৈ আনে হাস্পতাললৈ।উল্লেখ যে কাৰাগাৰৰ ভিতৰত পুনৰ গুৰুত্বৰভাৱে অসুস্থ হৈ পৰা বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গগৈক অনা হয় চিকিৎসাৰ বাবে।
অসুস্থ কৃষক নেতা গৰাকীক চিকিৎসালয় লৈ অনা সময়ত সাক্ষাৎ কৰা বাবে চিকিৎসালয়ত উপস্থিত হয় শিল্পী মানস ৰবীন, স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈ, কৃষক মুক্তি সংগ্রাম সমিতি সভাপতি ভাস্ক’ডি শইকীয়াকে ধৰি অন্য সতীৰ্থ সকল সাক্ষাৎ বাবে উপস্থিত হয়।
কৃষক নেতা গৰাকীক সাক্ষাৎ কৰি শিল্পী মানস ৰবীনে কয় “গগৈ কিডনীত পাথৰ হোৱা ধৰা পৰিছে।চিটি স্কেন কৰিলে ধৰা পৰিব উপস্থিতি ধৰা পৰিব।যাৰ হয় কেৱল তেওঁ অনুভৱ কৰিব পাৰিব কিমান বিষ হয়”।ইয়াৰ উপৰিও কৃষক নেতা গৰাকী গেষ্টিক আলছাৰ আৰু স্বাস্থ্য নলীত ঘা লাগিছে।যাৰ বাবে খোৱা-বোৱাত গগৈ অসুবিধা হৈছে- শিল্পী মানস ৰবীনে কয়।
আনহাতে চিকিৎসালয় পৰা গুৰুত্বভাৱে অসুস্থ গগৈক পুনৰ প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ।তাতে ক্ষোভিত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি সদস্য সকল তথা ৰাজ্য সচেতন জনতা।তেওঁলোকৰ দাবী অখিল গগৈক ইমান গুৰুত্বভাৱে অসুস্থ পিছতো ভৰ্তি নকৰি লৈ যোৱাটো চৰকাৰে নিৰ্যাতন চলোৱা বুলিও গুৰুতৰ অভিযোগ উথাপন কৰিছে।উল্লেখ যে নিয়া আদালতে প্ৰয়োজন সাপেক্ষে উন্নত চিকিৎসালয়ত গগৈক চিকিৎসা কৰিবলৈ কালি নিৰ্দেশ দিছিল।