
অসম-বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত আৰক্ষীয়ে বুধবাৰে পুৱতি নিশা অভিযান চলাই ১৩টা সন্দেহযুক্ত চোৰাং গৰু জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰে।
আৰক্ষী সূত্ৰৰ তথ্য অনুসৰি, গৰুকেইটা পশ্চিমবংগৰ পৰা অবৈধভাৱে খোজকঢ়াই গোসাঁইগাঁৱৰ এখন গো-বজাৰলৈ আনি থকা হৈছিল। অভিযানকাৰী আৰক্ষীৰ দলে গৰুকেইটা জব্দ কৰাৰ লগতে সৰবৰাহৰ অভিযোগত চাৰিজন লোকক আটক কৰে।
আটকাধীন লোককেইজনৰ ভিতৰত পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ হাবিজুৰ ৰহমান আৰু ফৰিদুল মিয়াৰ লগতে কোকৰাঝাৰ জিলাৰ শতীষ মুৰ্মু আৰু আটাবুদ্দিন শ্বেখ থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

জব্দ কৰা গৰুকেইটা বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে। ঘটনাটোৰ আঁৰত কোনো সংগঠিত আন্তঃৰাজ্যিক চক্ৰ জড়িত আছে নেকি, সেই দিশতো তদন্ত চলি আছে।
শেহতীয়াকৈ বিটিচি অঞ্চলত গো-বজাৰ পুনৰ মুকলি হোৱাৰ সুযোগ লৈ এটা চক্ৰই অবৈধ গো-সৰবৰাহৰ বেহা আৰম্ভ কৰাৰ অভিযোগ উঠিছে। গো-বজাৰৰ ৰচিদ অপব্যৱহাৰ কৰি গৰু বাংলাদেশলৈ সৰবৰাহ কৰা হয় বুলিও অভিযোগ আছে। অৱশ্যে এই অভিযোগ আৰক্ষীৰ তদন্তত এতিয়াও নিশ্চিত হোৱা নাই।
সীমান্তৱৰ্তী অঞ্চলসমূহত অবৈধ গো-সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে।













