
ওড়িশাৰ বালাছ’ৰৰ অৰণ্যত পাঁচটা ওৰাংওটান উদ্ধাৰ হৈছে। কিন্তু এই ওৰাংওটানকেইটা য’ত উদ্ধাৰ হৈছিল তালৈ ৰাতি ক’লা ৰঙৰ গাড়ী এখন গৈছিল। তদন্তকাৰীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি গাড়ীখন উদ্ধাৰ কৰে। ইয়াৰ উপৰি স্থানীয় একাংশ লোকেও গাড়ীখন দেখা বুলি দাবী কৰিছে। গাড়ীখন আৰু চোৰাং কাৰবাৰৰ মাজত কিবা সম্পৰ্ক আছে নেকি সেই বিষয়ে তদন্ত চলি আছে। গাড়ীখনৰ সন্ধান অব্যাহত আছে।
ওৰাংওটান অতি বুদ্ধিমান প্ৰাণী। ভাৰতৰ ক’তো দেখা নাযায়। ওৰাংওটান প্ৰধানকৈ ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ অৰণ্যত বাস কৰে। কিন্তু জলবায়ু পৰিৱৰ্তন আৰু চোৰাং চিকাৰীৰ বাবে ইহঁতৰ সংখ্যা কমিছে। এতিয়া বৰ্নিও আৰু সুমাত্ৰাৰ অৰণ্যতহে কেৱল ওৰাংওটান পোৱা যায়। তাৰ পৰা কেনেকৈ ওড়িশাৰ অৰণ্যলৈ আহিল সেই প্ৰশ্ন উত্থাপন হৈছে। বিশেষজ্ঞসকলৰ মতে মানুহৰ হস্তক্ষেপ অবিহনে এইটো স্বাভাৱিকতে সম্ভৱ নহয়। ইয়াৰ আঁৰত হয়তো আন্তঃৰাষ্ট্ৰীয় চোৰাং চিকাৰী চক্ৰ থাকিব পাৰে।

বালাছোৰৰ ভোগৰাই অঞ্চলৰ বাৰাপাই গাঁৱৰ গাতে লাগি থকা অঞ্চলটোৰ চিচিটিভি কেমেৰাত সোমবাৰে নিশা প্ৰায় ১১.২৫ বজাত এখন ক’লা ৰঙৰ মহিন্দ্ৰা থাৰ এছইউভি বনাঞ্চলৰ কাষেৰে পাৰ হৈ যোৱা দেখা যায়। ১৫ মিনিটৰ পিছত ঘূৰি আহে। তদন্তকাৰীয়ে গাড়ীখনত এই পাঁচটা ওৰাংটান আছিল নেকি পৰীক্ষা কৰি আছে। ইতিমধ্যে বন বিভাগে এই ঘটনাৰ তদন্তৰ বাবে চাৰিজনীয়া বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰিছে।
সম্প্ৰতি ভুৱনেশ্বৰৰ নন্দনকান চিৰিয়াখানাত ওৰাংওটানকেইটাক আছুতীয়াকৈ ৰখা হৈছে। ওড়িশাৰ বনমন্ত্ৰী গণেশ্ৰম সিংহখুণ্টিয়াই সংবাদ সংস্থা পিটিআইক জনাইছে, “বন বিভাগৰ সকলো চিকিৎসকে বিষয়টো চোৱা-চিতা কৰি আছে। ইয়াৰ উপৰি আমাৰ বিভাগৰ মুখ্য সংৰক্ষকে (বন্যপ্ৰাণী) পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে। আগন্তুক দিনত প্ৰয়োজন হ’লে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সংৰক্ষণ প্ৰাধিকৰণৰ অভিজ্ঞ চিকিৎসকৰ পৰাও পৰামৰ্শ লোৱা হ’ব।”
ওৰাংওটানকেইটাৰ বয়স এতিয়াও জানিব পৰা হোৱা নাই। ইহঁতৰ উচ্চতা ডেৰ ফুটৰ ভিতৰত। আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতিটো ওৰাংওটানৰ মূল্য ২০ৰ পৰা ২৫ লাখ টকা বুলি কয় বনমন্ত্ৰীগৰাকীয়ে। লগতে বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিবলৈও নিৰ্দেশ দিছে।













