
ছৌদি আৰবৰ য়েমেনত ইৰাণ সমৰ্থিত হুথী বিদ্ৰোহীৰ আক্ৰমণত কমেও ৭৩ জন লোক আহত হয়। বুধবাৰে ভাৰতে এই ঘটনাক গৰিহণা দি এক বিবৃতি প্ৰকাশ কৰে। মঙলবাৰৰ হুথীৰ আক্ৰমণৰ বিষয়টো উত্থাপন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “চৌদি ভূখণ্ডৰ সাধাৰণ নাগৰিক আৰু অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চলত হোৱা আক্ৰমণক ভাৰতে গৰিহণা দিয়ে।”
জয়ছোৱালে কয় যে হুথীৰ এই আক্ৰমণত পশ্চিম এছিয়াৰ “আঞ্চলিক নিৰাপত্তা ক্ষুণ্ণ হৈছে”। ইয়াৰ উপৰি নতুন দিল্লীয়ে কয় যে এই আক্ৰমণৰ ফলত বাব আল-মাণ্ডেব প্ৰমালীত যাতায়াতৰ স্বাধীনতাও বিপন্ন হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতিত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এই ঘটনা গ্ৰহণযোগ্য নহয়।
বাব আল-মাণ্ডেব হৈছে লোহিত সাগৰ আৰু এডেন উপসাগৰৰ মাজৰ এটা সংকীৰ্ণ জলপথ। আমেৰিকা-ইৰাণৰ সংঘাতৰ ফলত পাৰ্চী উপসাগৰ আৰু ওমান উপসাগৰৰ মাজত থকা হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজৰ যাতায়াত হ্ৰাস পাইছে। সেইবাবেই বাব আল-মাণ্ডেব প্ৰণালীৰ গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পাইছে। চৌদি আৰবৰ পৰা ৰপ্তানি কৰা তেলৰ অধিকাংশই এই প্ৰণালীৰ জৰিয়তে বিভিন্ন দেশলৈ ৰপ্তানি কৰা হয়।

ছিয়া হুথী আৰু ছৌদি সমৰ্থিত চুন্নী গোটৰ মাজত সংঘাত যথেষ্ট পুৰণি। এই সংঘাত ২০২২ চনত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত কিছু সময়ৰ বাবে বন্ধ হৈ পৰে। আমেৰিকা-ইৰাণ যুদ্ধৰ প্ৰেক্ষাপটত ই পুনৰ উত্থান ঘটিছে। ইৰাণৰ কাষত থিয় হৈ হুথীয়ে পশ্চিম এছিয়াৰ আমেৰিকাৰ “মিত্ৰ” হিচাপে পৰিচিত কেইবাখনো দেশক আক্ৰমণ কৰিছে। য়েমেনৰ ৰাজধানী ছানাকে ধৰি বিভিন্ন অঞ্চল বৰ্তমান হুথীৰ নিয়ন্ত্ৰণত আছে। ছৌদি সমৰ্থিত য়েমেনৰ চুন্নী মুছলমান চৰকাৰে হুথীৰ বিৰুদ্ধে অবিৰত অভিযান চলাই আছে। অৱশ্যে ছানাকে ধৰি উত্তৰ য়েমেনৰ বিভিন্ন অঞ্চল এতিয়াও হুথীৰ নিয়ন্ত্ৰণত আছে।
মঙলবাৰৰ পুৱাৰে পৰা হুথীয়ে দক্ষিণ চৌদি আৰবৰ তেল শোধনাগাৰক লক্ষ্য কৰি লৈছে। এই অঞ্চলত চৌদি আৰৱৰ বিখ্যাত জিজান তেল শোধনাগাৰ আছে। এই শোধনাগাৰে প্ৰতিদিনে ৪ লাখ বেৰেল খাৰুৱা তেল প্ৰক্ৰিয়াকৰণ কৰিব পাৰে। যুদ্ধৰ সময়ত ৰাছিয়াৰ পৰা তেল আমদানি বৃদ্ধি কৰিলেও ভাৰতে এতিয়াও চৌদি আৰবৰ পৰা তেল ক্ৰয় কৰে। ভাৰতলৈ তেল ৰপ্তানি কৰা শীৰ্ষ তিনিটা দেশৰ ভিতৰত চৌদি আৰব অন্যতম। ইতিমধ্যে পাকিস্তান আৰু তুৰস্কয়ো চৌদি আৰবৰ ওপৰত কৰা এই আক্ৰমণক গৰিহণা দিছে।












