
নিশাৰে পৰা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত চহৰখনৰ বিভিন্ন অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে। ডিফুৰ পানবাৰী, শিতলাবাড়ী, শিৱবাড়ী, ৰামঠাকুৰ কলনী, ধৰমনলা, শান্তিপট্টী, বেছিক কলনী, থানা ৰোড আদি অঞ্চলত পুৱাৰে পৰা বাট-পথ বুৰাই পেলোৱাৰ উপৰি মানুহৰ ঘৰত পানী প্ৰৱেশ কৰাত ডিফুবাসীৰ বিলাই-বিপত্তি নোহোৱা অৱস্থা হয়।

বাঢ়নি পানীয়ে ডিফুৰ কেইবাখনো বিদ্যালয় বুৰাই পেলোৱাত পাঠদান বন্ধ ৰাখিব লগা হয়। ডিফু চহৰৰ প্ৰাণস্বৰূপ ডিফু নদীৰ ওপৰত একাংশ লোকে চলাই অহা ধাৰাবাহিক অত্যাচাৰৰ ফলতে পাহাৰীয়া চহৰখনত বানে তাণ্ডৱ চলায়।
ডিফু নদী ক্ৰমে সংকুচিত হৈ নলাত পৰিণত হোৱাত পাহাৰত হোৱা প্ৰৱল বৃষ্টিপাতৰ পানী সৰু নদীখনে বহন কৰিব নোৱাৰা হৈ পৰিছে। ফলত বহু বছৰৰ পিছত ডিফু বাসীৰ ওপৰত প্ৰকৃতি ৰুষ্ট পৰা দেখা গৈছে।













