
জন্মিলে মানুহৰ মৃত্যু হয়। এইটো চিৰন্তন সত্য। কিন্তু কেতিয়াবা কিছুমান ব্যক্তিৰ মৃত্যুৱে মানুহক বৰ বেছিকৈ ব্যথিত কৰে। তেনে এগৰাকী ব্যক্তিয়ে হৈছে ৰুকিয়া বেগম। ডিফুৰ দেৱান বস্তি নিবাসী বিদূষী, সৰবৰহী, সমাজ হিতৈষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ মঙলবাৰে পুৱা দেহাৱসান ঘটে। পুৱা প্ৰায় ৯ বজাত নিজ বাসভৱনতে দেহাৱসান ঘটা ৰুকিয়া বেগমৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ। ১৯৫১ চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগম অঞ্চলটোত এগৰাকী সৰবৰহী মহিলা হিচাপে পৰিচিত আছিল।

কোনো দিনে আনৰ বেয়া চিন্তা নকৰা আৰু সহায় কৰিবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা ৰুকিয়া বেগমৰ এই গুণৰ বাবে অসম সাহিত্য সভাৰ তৰফৰ পৰাও বিশেষভাৱে প্ৰশংসা লাভ কৰিছিল। প্ৰয়াত লাতু খানৰ পত্নী ৰুকিয়া বেগমে মৃত্যুৰ সময়ত দুই পুত্ৰ আৰু এগৰাকী কন্যাৰ লগতে অলেখ গুণমুগ্ধক ইহ সংসাৰত এৰি গৈছে। উল্লেখ্য যে বাৰ্ধক্যজনিত ৰোগত বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা বৰ্ষীয়ান মহিলাগৰাকী চিকিৎসাৰ অন্তত সুস্থ হৈ নিজ গৃহতে আছিল। কিন্তু মঙলবাৰে পুৱা অকস্মাতে তেওঁ ইহ সংসাৰৰ পৰা বিদায় মাগে। তেওঁৰ মৃত্যুত সমগ্ৰ ডিফু চহৰত শোকৰ ছাঁ পৰে।













