ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
August 20, 2026
Reading Time: 1 min read
A A
0
Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

RELATED POSTS

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

New Logo Smal 2 | ASSAM TIMES POST

শান্তিনিকেতনৰ পৰা সুকুমাৰ কলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এজন বিশিষ্ট ভাস্কৰ্য শিল্পী (Sculptor) হৈছে সত্যেন্দ্ৰ তেৰাং (Satyendra Terang)। এইগৰাকী প্ৰখ্যাত শিল্পী, যাৰ কাৰুকাৰ্য্যই কাৰ্বি আংলং জিলাৰ লগতে ৰাজ্যৰ বহু প্ৰান্তৰ স্থাপত্যৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে। কিন্তু বিগত দুবছৰ ধৰি তেওঁৰ পত্নীক (For two years, his wife) ধৰ্ষণ কৰি হত্যা (Rape and murder) কৰাসকলৰ ন্যায় আৰু শাস্তিৰ বাবে অপেক্ষা কৰি এতিয়া তেওঁ গভীৰ হতাশাত ভুগিছে।

২০২৪ চনৰ ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজাৰ দিনা সত্যেন্দ্ৰ তেৰাঙৰ পত্নী ৰীণা ৰংপিনী (Wife Reena Rangpini)য়ে ডিফু চহৰৰ থানা পথ (Thana Road, Diphu City)ত থকা তেওঁলোকৰ বাসগৃহত পূজা কৰি ডিফু-লুমডিং পথৰ ১১নং মাইলত থকা নিজৰ ঘৰলৈ ৰাওনা হয়। সত্যেন্দ্ৰ তেৰাঙে উল্লেখ কৰে যে অটোৰিক্সাৰে উভতি অহাৰ সময়ত চালকজনে অজ্ঞাত কাৰণত ৬নং মাইলৰ জিলা কাৰাগাৰৰ সমীপত তেওঁক নমাই থৈ যায়। সেই নিশা দুই কিলোমিটাৰ খোজকাঢ়ি ৪ মাইল পোৱাৰ পিছত তেওঁ মানুহ ৰূপী দানৱৰ দল এটাৰ সন্মুখীন হয়। সেই নিশা তেওঁক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰে।

যদিও তদন্তৰ সময়ত আৰক্ষীয়ে তিনিজন ব্যক্তিক আটক কৰিছিল, তথাপিও প্ৰধান অভিযুক্ত ৰঞ্জিত টিছ’ এতিয়াও পলাতক হৈ আছে। প্ৰধান অভিযুক্ত পলাতক হোৱাৰ বাবে আৰক্ষীয়ে ৯০ দিনৰ সময়সীমাৰ ভিতৰত অভিযোগনামা দাখিল কৰিব নোৱাৰিলে। ফলস্বৰূপে আটক কৰা তিনিওজন সন্দেহযুক্ত লোকে জামিন লাভ কৰে আৰু বৰ্তমান মুকলি আকাশৰ তলত আছে।

karbi 6 | ASSAM TIMES POST
সত্যেন্দ্র তেৰাং

এই সন্দৰ্ভত তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া, বৰ্তমানৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াৰ সৈতে বাৰে বাৰে যোগাযোগ কৰাৰ চেষ্টা চলোৱাৰ পিছতো কোনো সুনিৰ্দিষ্ট উত্তৰ পোৱা নগ’ল। আৰক্ষী বিষয়াসকলে দাবী কৰিছে যে প্ৰধান সন্দেহযুক্ত ৰঞ্জিত টিছ’ক শীঘ্ৰে আটক কৰা হ’ব। কিন্তু সত্যেন্দ্ৰ তেৰাঙে এটা প্ৰশ্ন উত্থাপন কৰিছে- এই আধুনিক যুগত, মোবাইল ট্ৰেকিঙৰ পৰা আৰম্ভ কৰি ড্ৰ’নলৈকে প্ৰযুক্তি হাতত থকা সময়ত, এনে আধুনিক প্ৰযুক্তিৰে সজ্জিত আৰক্ষী বাহিনীটোৱে কিয় ৰঞ্জিত টিছ’ক বিচাৰি উলিয়াব পৰা নাই?

গভীৰ ক্ষোভ আৰু অনুশোচনা প্ৰকাশ কৰি তেওঁ কয়, “যেতিয়া মই কটন কলেজত পঢ়ি আছিলোঁ তেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাধাৰণ সম্পাদক আছিল আৰু আমাৰ মাজত চিনা-পৰিচয় আছিল। তেওঁ যেতিয়া কোনো অনুষ্ঠানৰ বাবে ডিফুলৈ আহিছিল, তেতিয়া মই আনকি এই বিষয় সন্দৰ্ভত এখন স্মাৰক-পত্ৰও জমা দিছিলোঁ। অৱশ্যে তেওঁ মোক চিনি পোৱা নাছিল। তেওঁ স্মাৰক-পত্ৰৰ ফাইলটো আন কাৰোবাৰ হাতত দি কেৱল সেইটো চোৱাৰ নিৰ্দেশ দিছিল। কিন্তু তাৰো উত্তৰ আজিলৈকে পোৱা নাই।”

প্ৰধানমন্ত্ৰীৰ অভিযোগ কোষলৈ পত্ৰ লিখাৰ পিছতো কোনো সঁহাৰি লাভ নকৰাত হতাশ হৈ সত্যেন্দ্ৰ তেৰাঙে কয়, “যদি ডিফু সদৰ থানাৰ ঠিক ওচৰতে বাস কৰা এজন পৰিচিত বাসিন্দাৰ ন্যায় বিচৰাৰ সময়ত এই দুৰ্দশা হয়, তেন্তে দুৰ্গম গাঁৱৰ সাধাৰণ মানুহৰ অৱস্থাৰ কথা সহজেই কল্পনা কৰিব পাৰি ।”

আক্ষেপৰ সুৰত শিল্পীগৰাকীয়ে লগতে কয়, “মই এতিয়া গভীৰভাৱে উপলব্ধি কৰিছোঁ মানুহ মৰাৰ পিছত আৰু তেওঁৰ কোনো মূল্য নাথাকে।” উল্লেখ্য যে পৰম্পৰাগত কাৰ্বি ৰীতি-নীতি (গোত্ৰ ব্যৱস্থা) অনুসৰি ৰঞ্জিত টিছ’ আৰু মৃত ৰীণা ৰংপিনী একেটা বংশৰ। সেয়েহে এনে জঘন্য অপৰাধৰ বাবে ৰঞ্জিতৰ মৃত্যুদণ্ডৰ বিকল্প নাই।

যিগৰাকী প্ৰখ্যাত ভাস্কৰ্য শিল্পীগৰাকীৰ হাতৰ স্পৰ্শত ডিফু বিনোদন উদ্যানৰ মৃত গছবোৰে প্ৰাণ পাই উঠিছিল, হাজাৰ হাজাৰ পৰ্যটকৰ প্ৰধান আকৰ্ষণলৈ ৰূপান্তৰিত কৰিছিল, সেইগৰাকী প্ৰখ্যাত শিল্পীয়ে দেশৰ আইন-শৃংখলা ব্যৱস্থাৰ সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব নেকি? চৰকাৰৰ এই ‘চাকিৰ তলৰ অন্ধকাৰ’ দূৰ কৰি এতিয়া তেওঁ ন্যায় লাভ কৰিবনে নাই সেইটো এক ডাঙৰ প্ৰশ্ন।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuRapemurdercase
Share6Tweet4Send

Related Posts

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা
DIPHU

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

by News Desk
October 7, 2026
52
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

by News Desk
October 5, 2026
58
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

by News Desk
October 4, 2026
63
Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন
DIPHU

Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন

by News Desk
October 2, 2026
54
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

by News Desk
September 30, 2026
59
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

by News Desk
September 30, 2026
58
ADVERTISEMENT
Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
50
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
50
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত
Guwahati

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026
50
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

October 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d