
দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাৰ (Former Delhi Chief Secretary Rakesh Mehta)(৭৪) মৃতদেহ নয়ডাত থকা বাসগৃহৰ পৰা উদ্ধাৰ। তেওঁ আত্মহত্যা কৰা বুলি অনুমান কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে এখন পত্ৰ। যোৱা ৬ ছেপ্টেম্বৰত মৃতদেহটো উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। আনহাতে, মৃতদেহটোৰ লগত উদ্ধাৰ হোৱা পত্ৰখনত আত্মহত্যাৰ কাৰণ শাৰীৰিক আৰু মানসিক কাৰণ বুলি উল্লেখ আছে।

১৯৭৫ চনৰ বেটচৰ আইএএছ বিষয়া ৰাকেশ মুখ্য সচিব হৈ থকাৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী আছিল শীলা দীক্ষিত। ২০০৭ চনৰ পৰা তিনি বছৰ ধৰি মুখ্য সচিব পদত অধিষ্ঠিত হৈ থকাৰ সময়তে তেওঁ ২০১০ চনত দিল্লীত কমনৱেলথ গেমছ আয়োজন কৰিছিল। তেওঁৰ গুৰুত্বপূৰ্ণ কামসমূহৰ ভিতৰত আছিল নাগৰিকসকলৰ বাবে আন্তঃগাঁথনি, বিদ্যুৎ আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতি। মুখ্য সচিব পদৰ উপৰি তেওঁ বিভিন্ন সময়ত দিল্লী পৌৰ নিগমৰ আয়ুক্তকে ধৰি কেইবাটাও পদত অধিষ্ঠিত হৈছিল।











