ASSAM TIMES POST
নিউজ ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ ৱাছিম জাফৰে সকল ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ল’লে৷ ক্ৰিকেটৰ বিদায় দিয়াৰ সময়ত জাফৰৰ বয়স হয় ৪২ বছৰ৷ ১৯৯৬-৯৭ চনত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাশ ঘটে জাফৰৰ৷

তেওঁ ৩১ খন টেষ্ট মেচ আৰু দুখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট দেশৰ হৈ খেলিছিল৷ ছেইণ্ট লুছিয়াত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ২১২ ৰান হ’ল তেওঁৰ ব্যক্তিগতভাৱে সৰ্বাধিক৷ ২০০৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা খেলত তেওঁ শেষবাৰৰ বাবে দেশক প্ৰতিনিধিত্ব কৰিছিল৷ উল্লেখ্য যে আন্তৰ্জাতিক ক্ৰিকেটতকৈ তেওঁ ঘৰুৱা ক্ৰিকেটত অধিক সফল হৈছিল৷













