ASSAM TIMES POST
নিউজ ডেস্ক
সমগ্ৰ বিশ্ব ক’ৰ’ণা ভাইৰাছৰ আতংকত পৰিছে৷ বিভিন্ন দেশৰ চৰকাৰে এই ভাইৰাছ সংক্ৰমিত নহ’বৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ সম্প্ৰতি লণ্ডনৰ ফেচবুকৰ এজন কৰ্মচাৰী শৰীৰত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে৷
তেওঁ ছিংগাপুৰৰ পৰা লণ্ডনলৈ গৈছিল৷ তাৰ পাছতে লণ্ডনৰ ফেচবুকৰ তিনিটা কাৰ্যালয় বন্ধ কৰি দিয়া হৈছে৷ লণ্ডনত এই পৰ্যন্ত বহু লোক এই ভাইৰাছত আক্ৰান্ত হৈছে আৰু দুজনৰ মৃত্যু হৈছে৷ লণ্ডনত নতুনকৈ ৪৭ জন লোকৰ দেহত ক’ৰ’ণা ভাইৰাছ ধৰা পৰিছে৷
উল্লেখ্য যে ছিংগাপুৰৰ লোকজন তাৰ ফেচবুকৰ কৰ্মচাৰী৷ লণ্ডনৰ ফেচবুকৰ তিনিটা কাৰ্যালয়ত কমেও তিনি হাজাৰ লোকে কাম কৰে৷











