
বৃহস্পতিবাৰে ককৰোচ জনতা পাৰ্টীয়ে (CJP) জ্ঞানেশ কুমাৰক (Gyanesh Kumar) পদত্যাগ কৰিবলৈ ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল। শুকুৰবাৰে চিজেপি নেতা অভিজিৎ দীপকেয়ে তেওঁক কয় যে যদি শনিবাৰৰ ভিতৰত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই পদত্যাগ নকৰে তেন্তে গান্ধী জয়ন্তীৰ পৰা (২ অক্টোবৰ) আন্দোলন আৰম্ভ কৰিব। দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত আৰম্ভ হ’ব এই আন্দোলন।
শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টত দীপকেয়ে লিখিছে, “কাইলৈৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে ২ অক্টোবৰত মুম্বাইৰ পৰা চিজেপিয়ে আন্দোলন কৰিব। ইয়াৰ পিছত আমি এই আন্দোলন দেশৰ প্ৰতিখন চহৰলৈ লৈ যাম। এই গান্ধী জয়ন্তীৰ দিনা গণতন্ত্ৰ ৰক্ষাৰ শপত গ্ৰহণ কৰিম।”
এছ আই আৰকে ধৰি কেইবাটাও বিষয়ত নিৰ্বাচন আয়ুক্তসকলৰ মাজত হোৱা বিবাদ পোহৰলৈ অহাৰ পিছতে নিৰ্বাচন আয়োগৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছে। এই বিষয়ত ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত এক প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত বিৰোধী দলসমূহে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ‘বিজেপিৰ হৈ ভোট চুৰি’ কৰাৰ অভিযোগ পোনপটীয়াকৈ কৰে।

এই পৰিবেশতেই উত্তৰ প্ৰদেশত জ্ঞানেশ কুমাৰৰ দুটা কাৰ্যসূচী স্থগিত ৰাখিছে নিৰ্বাচন আয়োগে। কিন্তু আয়োগে দাবী কৰে যে কাৰ্যসূচীসমূহ পিছুৱাই দিয়াৰ সৈতে চলি থকা বিতৰ্কৰ কোনো সম্পৰ্ক নাই। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মীৰাটত নতুন ভোটাৰক সাক্ষাৎ কৰাৰ কথা আছিল জ্ঞানেশ কুমাৰৰ। সোমবাৰে বাৰাণসীত ‘জেন জি’ক সাক্ষাৎ কৰাৰ কথা আছিল তেওঁৰ। দুয়োটা কাৰ্যসূচী বৰ্তমান পিছুৱাই দিয়া হৈছে। এই প্ৰসংগত আয়োগৰ এজন বিষয়াই কয়, “কাৰ্যসূচীৰ তাৰিখ সলনি হৈয়েই থাকে। এইবোৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সময়সূচী, স্থানৰ উপলব্ধতা বা প্ৰাকৃতিক কাৰণৰ দৰে বিভিন্ন কাৰকৰ ওপৰত ভিত্তি কৰি কৰা হয়।”
‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ তদন্তমূলক প্ৰতিবেদনক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত তোলপাৰ লাগিছে। প্রতিবেদনত দাবী কৰা হৈছে যে দুই নির্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে তেওঁলোকক অন্ধকাৰত ৰাখি সকলো গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে বুলি অভিযোগ উত্থাপন কৰিছে৷ সান্ধু আৰু যোশীয়ে মূলতঃ ভোটাৰ তালিকাৰ স্বচ্ছতা বজাই ৰখা, এছ আই আৰৰ পিছত ভোটাৰৰ নাম বাদ দিয়া আৰু সংযোজন আদি বিষয়ত আপত্তি উত্থাপন কৰিছে। আয়োগৰ সিদ্ধান্তক লৈ বিগত ১০ মাহত ১৪ বাৰ আপত্তি উত্থাপন কৰিছে। বিতৰ্কৰ সন্মুখত আয়োগৰ ব্যাখ্যা, নিৰ্বাচন আয়ুক্তসকলৰ মাজত মতানৈক্য থাকিলেও ঐকমত্যৰ ভিত্তিত সিদ্ধান্ত লোৱা হয়। আয়োগে এই ব্যাখ্যা দিয়াৰ পিছতো বিতৰ্ক বন্ধ হোৱা নাই। ইয়াৰ বিপৰীতে বিৰোধী দলসমূহে আয়োগৰ বিৰুদ্ধে মাত মাতি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী জনাইছে। মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰো দাবী জনাইছে চিজেপিয়েও।











