ASSAM TIMES POST
আছিফ আলি: নেষ্ট ফাউণ্ডেচনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি Awareness on Corona virus Preventive Measures ৰ ওপৰত এখনি সভা অ’এনজিচি কলনি, শিৱসাগৰৰ মানস মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে মিচিং দৃৰবৃ কৗবাংৰ সভাপতি সুৰুয কুমাৰ পাতিৰি, সদৌ ভাৰত অনুসূচিত জাতি জনজাতি কৰ্মচাৰী কল্যাণ সন্থা, অ এন জি চি, অসম সম্পদ উপাধ্যক্ষ ডেম্বিৰাম পাংগিং, অএনজিচি ওৱৰ্কাচ মহিলা সমিতি, শিৱসাগৰ সম্পাদিকা তুলিকা চেতিয়া য়েইন, ,বক্তব্য আগবঢ়ায়।
বিশেষ ভাৱে কৰোনা ভাইৰাছৰ সজাগতাৰ ওপৰত ডাক্তৰ অসীম খাৰঘৰীয়া, অ এনজিচি স্বাস্থ্য বিভাগৰ উপ মহা প্ৰৱন্ধকে বক্তব্য আগবঢ়ায়।বিশ্ব নাৰী সমাজৰ শান্তি আৰু মাননীয় নেষ্ট ফাউণ্ডেচনৰ অধ্যক্ষ পোনাৰাম মিলি ডাঙৰীয়াৰ সহধৰ্মী নিৰুপ্ৰভা মিলিৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত বন্তি প্ৰজ্বলন কৰে ৷শেষত নেষ্ট ফাউণ্ডেচনৰ মূখ্য সম্বন্নয়ৰক্ষী দীপক টায়ে সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।












