ASSAM TIMES POST
নিউজ ডেস্ক
অৱশেষত ১০টা দিন চিকিৎসালয়ত থকাৰ পিছত আজি ৰিলিজ দিয়া হল ৰাইজৰ মৰম শিল্পী জুবিন গাৰ্গ।গুৱাহাটী নেমকেয়াৰ হাস্পতালত যোৱা ২৮ফেব্ৰুৱাৰী পৰা চিকিৎসাধীন হৈ থকা শিল্পী গৰাকী ৰিলিজ দিয়াৰ পিছতে পোনে পোনে ৰাওনা হয় গুৱাহাটীৰ বিমান বন্দলৈ।
সুস্থ শিল্পী গৰাকী পোনে পোনে ৰাওনা হব মুম্বাইলৈ।তাতে কিছুদিন জিৰণি লব শিল্পী জুবিনে।লগতে শিল্পী গৰাকীৰ কিছু কৰিব লগা কামৰ বাবে মুম্বাইলৈ যোৱা বুলি ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে।তাৰ ভিতৰত নতুনকৈ আহিব লগা তিনিখন ছবি কামৰ বাবে শিল্পী জুবিন মুম্বাইলৈ যোৱা বুলি জানিব পৰা গৈছে












