ASSAM TIMES POST
নিউজ ডেস্ক
মহানগৰীত গুৱাহাটীৰ পৌৰ নিগমৰ উচ্ছেদ অভিযান।ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ ফাঁচী বজাত আজি চলায় উচ্ছেদ অভিযান।অনুজ্ঞাপত্ৰ অবিহনে হোলীৰ ৰঙ বিক্ৰী কৰা পদপথৰ ব্যৱসায়ী সকলৰ বিৰুদ্ধে চলায় উচ্ছেদ অভিযান।
অভিযানত গুৱাহাটী পৌৰ নিগমে পদপথৰ অবৈধ দোকান সমূহৰ পৰা হোলী সামগ্ৰীসমূহ জব্দ কৰে। উল্লেখ যে ইতিমধ্যে বিশ্বত মহামৰী ৰূপ ধাৰণ কৰা কৰ’ণা আতংকৰ বাবে দেশৰ জনসাধাৰণক এইবাৰ ফাকুৱাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে চৰকাৰে।
হোলীৰ আনন্দৰ মাজতে জনতাৰ মাজত বিয়পি পৰিব পাৰে আতংক সৃষ্টিকাৰী ক’ৰণা। ইফালে জিএমচিৰ উচ্ছেদ কাৰী দলে প্ৰকাশ কৰা অনুসৰি অবৈধ পদপথৰ ব্যৱসায়ি ঘাটিসমূহৰ বিৰুদ্ধে অব্যাহত থাকিব অভিযান।












