ASSAM TIMES POST
গুৱাহাটী : অসম প্ৰকাশন পৰিষদ ৩৩সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ স্থগিত।১৪ মার্চ পৰা ২৫মার্চলৈ চানমাৰি অসম অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত হোৱা কথা আছিল।তাৰ বাবে ইতিমধ্যে অসম অভিযান্ত্ৰিক খেল পথাৰত প্ৰস্তুতি প্ৰায় সম্পূৰ্ন হৈছিল।
উল্লেখ যে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত উল্লেখ আছে “বিশ্বত সন্ত্ৰাস সৃষ্টি কৰা ক’ভিদ-১৯ ভাইৰাচৰ বাবে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু কল্যান মন্ত্ৰণালয়ে জাৰি কৰা সতৰ্কতামুলক ব্যৱস্থা তথা পৰামৰ্শ অনুসৰি অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা স্থগিত ৰখা হৈছে”।
চৰকাৰে কৰণা ভাইৰাচৰ বীজানু যাতে বিয়পি পৰিব নোৱাৰে তাৰ বাবে গণসমাৱেশ সীমিত কৰা পৰামৰ্শ দিছে।কেন্দ্ৰীয় চৰকাৰৰ এই পৰামৰ্শ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থমেলাখন স্থগিত ৰখা সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰকাশ আছে।গুৰুত্বপূৰ্ণ কথা এই যে ইয়াৰ পূৰ্বতেও কা’ৰ বিৰোধি প্ৰতিবাদৰ বাবে স্থগিত ৰাখি লগা হৈছিল।এইবাৰ দ্বিতীয় বাৰৰ বাবে ৰখা হল স্থগিত।












