
আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে অসমৰ নগাঁও লোকসভা আৰু তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগৰ পাঁচখন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। বিধানসভাৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা পাঁচটা সমষ্টি হৈছে পশ্চিমবংগৰ নন্দিগ্ৰাম আৰু ৰেজিনগৰ, তামিলনাডুৰ মদুৰন্তকাম আৰু ধৰাপুৰম আৰু পুডুচেৰীৰ থাট্টাঞ্চৱাড়ী।
নগাঁও লোকসভা সমষ্টিত বিজেপি, কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা দেখা গৈছে। কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে পদত্যাগ কৰি বিজেপিৰ টিকটত দিছপুৰৰ পৰা বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছত নগাঁও লোকসভা আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে।
আনহাতে, বিগত বিধানসভা নিৰ্বাচনত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দুটা সমষ্টিৰ পৰা জয়লাভ কৰাৰ পিছত এখন আসন এৰি দিয়াৰ বাবে নন্দিগ্ৰাম বিধানসভা আসনত উপ-নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰে। ইফালে আম জনতা উন্নয়ন পাৰ্টীৰ প্ৰতিষ্ঠাপক হুমায়ুন কবীৰেও দুখন আসনত জয়লাভ কৰাৰ পিছত এখন আসন এৰি দিয়াত ৰেজিনগৰ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে।
তামিলনাডুৰ মদুৰন্তকম আৰু ধৰপুৰম বিধানসভা সমষ্টিত নিৰ্বাচনৰ পিছত এআইএডিএমকেৰ বিধায়ক কে মৰাগাথাম কুমাৰভেল আৰু পি সত্যবামাই পদত্যাগ কৰি শাসকীয় দল টিভিকেত যোগদান কৰা বাবে মাদুৰন্তকম আৰু ধৰপুৰম আসন দুখন খালী হয়।

ইফালে এপ্ৰিল মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী এন ৰংগাস্বামীয়ে দুখন আসনৰ পৰা জয়লাভ কৰাৰ পিছত মংগলম আসনখনক প্ৰতিনিধিত্ব কৰিবলৈ বাছি লোৱাৰ পিছত এই আসনখন খালী হয়।
আটাইকেইখন ৰাজ্যৰে উপ-নিৰ্বাচনৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ভোটগ্ৰহণ চলি আছে। উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা আসনকেইখন আসনৰ বাবে ৯ অক্টোবৰ, শুকুৰবাৰে ভোটগণনা অনুষ্ঠিত হ’ব।
নগাঁও লোসকভা সমষ্টিত ভোটগ্ৰহণৰ বাবে মুঠ ১১,৫৩৫ গৰাকী ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হৈছে। ইয়াৰে ভিতৰত প’লিং-প্ৰিজাইডিং বিষয়া হৈছে ৯,২২৮ গৰাকী। আনহাতে, ২,৩০৭ নিৰাপত্তাৰক্ষী ভোটগ্ৰহণ কেন্দ্ৰবোৰত নিয়োগ কৰা হৈছে। নগাঁও জিলাৰ ১,৩৩৯টা আৰু মৰিগাঁও জিলাৰ ৯৬৮ টা ধৰি মুঠ ২,৩০৭টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰে ভিতৰত ৬২৪ টা ভোটগ্ৰহণ কেন্দ্ৰক প্ৰশাসনে স্পষ্টকাতৰ বুলি চিনাক্ত কৰিছে।
নগাঁও লোকসভা সমষ্টিত অন্তৰ্গত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ ৮টা বিধানসভা সমষ্টি। এই সমষ্টিকেইটাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৯,০২,০০৯ গৰাকী। ইয়াৰে ৯,৫৮,৫৯৫ জন পুৰুষ, ৯,৪৩,৩৬৪ গৰাকী মহিলা আৰু ৫০ গৰাকী তৃতীয় লিংগৰ ব্যক্তি। আনহাতে, ডি-ভোটাৰৰ সংখ্যা হৈছে ১০,৭৮২ জন।











