
ঢকুৱাখনাৰ ইটাখুলিৰ পৰা ঢকুৱাখনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যোগেন চেতিয়া নামৰ ব্যৱসায়ীজনক। উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ পণ খেদি ঢকুৱাখনা আৰক্ষীয়ে ঢকুৱাখনাত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই থকা ড্ৰাগছ বেপাৰী যোগেন চেতিয়াক ধৰিবলৈ সক্ষম হয়। নিজ পদূলি মুখতে এজন গ্ৰাহকক ড্ৰাগছ বিক্ৰী কৰিবলৈ লওঁতেই আৰক্ষীয়ে হাটে-লোটে যোগেন চেতিয়াক ধৰিবলৈ সক্ষম হয়, আৰু উদ্ধাৰ হয় ৬টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ।











