ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

নিউজ ডেস্কঃ

News Desk by News Desk
October 7, 2026
Reading Time: 1 min read
A A
0
Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

RELATED POSTS

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

New Logo Smal 2 | ASSAM TIMES POST

দিল্লীত (Delhi) পুনৰ ভাঙি পৰে আন এটা বহুমহলীয়া অট্টালিকা (building collapse)। বুধবাৰে বিয়লি পাঁচ মহলীয়া অট্টালিকাৰ সন্মুখৰ অংশ হঠাতে ভাঙি পৰে। বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। উদ্ধাৰৰ কাম চলি আছে।

উত্তৰ-পূব দিল্লীৰ সীমাপুৰী অঞ্চলত বুধবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত এটা ঘৰ ভাঙি পৰে। তাৰ সন্মুখত মাছৰ বজাৰ এখন আছে। তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয়। ঘটনাস্থলীত আৰক্ষীও উপস্থিত হয়। অঞ্চলটোত যাতায়ত ব্যাহত হৈছে। ধ্বংসাৱশেষত কিমানজন আবদ্ধ হৈ আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘৰটো ভাঙি পৰাৰ কাৰণো জানিব পৰা হোৱা নাই। প্ৰথম অৱস্থাত উদ্ধাৰ কামক অগ্ৰাধিকাৰ দিয়া হৈছে। সেই স্থানৰ কিছু ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে ধ্বংসাৱশেষৰ সন্মুখত মানুহ গোট খাইছে। উদ্ধাৰ কামত যোগ দিছে স্থানীয় ৰাইজে। বহুতে খালী হাতেৰে পকী বেৰবোৰ আঁতৰাবলৈ চেষ্টা কৰিছে। দিল্লী যান-বাহন আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি বৰ্তমান সীমাপুৰী অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। এম্বুলেন্স আৰু উদ্ধাৰকাৰী বাহনসমূহে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে পথটো মুকলি কৰি দিয়া হৈছে।

delhi1 1 | ASSAM TIMES POST
দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

উত্তৰ-পূব দিল্লীৰ ডিচিপি আৰ পি মীনাই জানিবলৈ দিয়া মতে, সেই স্থানৰ পৰা পাঁচজন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। কিন্তু আৰু কিমানজন আহত হৈছে আৰু কিমান ভিতৰত আবদ্ধ হৈ আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখযোগ্য যে, ৬ ছেপ্টেম্বৰত দিল্লীৰ সত্য নিকেতনত পাঁচ মহলীয়া হোষ্টেল বিল্ডিং এটা ভাঙি পৰিছিল। ধ্বংসাৱশেষৰ পৰা মুঠ ১২ জন লোকক উদ্ধাৰ কৰা হয়। ইয়াৰে ৭ জনৰ মৃত্যু হয়। আহত হয় ৫ জন। অট্টালিকাটো মূলতঃ ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰ কৰিছিল। জানিব পৰা মতে, অট্টালিকাটোৰ বেছমেণ্টত নিৰ্মাণৰ কাম চলি আছিল। কিছুদিন ধৰি অবিৰতভাৱে বৰষুণ দি আছিল। সেইবাবেই হয়তো অট্টালিকাটো ভাঙি যায়। অভিযোগ অনুসৰি, এই ভৱনটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল। অগ্নিনিৰ্বাপক বাহিনী বা পৌৰসভাৰ কোনো বিশেষ অনুমতি নাছিল। সেই ঘটনাৰ পিছত দিল্লীৰ ওখ অট্টালিকাসমূহৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। সেই ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই ৰাজধানীত আন এটা পাঁচ মহলীয়া অট্টালিকা ভাঙি পৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Delhibuildingcollapse
Share4Tweet3Send

Related Posts

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প
National-International

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

by News Desk
October 7, 2026
50
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ
National-International

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

by News Desk
October 7, 2026
50
Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা
National-International

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

by News Desk
October 7, 2026
50
Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়
National-International

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

by News Desk
October 7, 2026
50
Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান
National-International

Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান

by News Desk
October 7, 2026
50
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
October 6, 2026
51
ADVERTISEMENT
Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা
National-International

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

October 7, 2026
50
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প
National-International

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

October 7, 2026
50
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ
National-International

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

October 7, 2026
50
Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা
National-International

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

October 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

October 7, 2026
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

October 7, 2026
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

October 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d