
লিভ-ইন পাৰ্টনাৰ (Live-in relations) বা শয্যাসংগীক বিয়া কৰাবলৈ সন্মতি নিদিয়াটোৱে আত্মহত্যাৰ প্ৰৰোচনা নহয় বুলি উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ এটা গোচৰত কয়। আদালতৰ পৰ্যবেক্ষণ, “বিভিন্ন পৰিস্থিতিত মানুহে বেলেগ বেলেগ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। যদি কোনোবাই সম্পৰ্ক ভাঙি যোৱাৰ ফলত আত্মহত্যা কৰে, তেন্তে সেই কাণ্ডক সদায় আত্মহত্যাৰ প্ৰৰোচনা বুলি ক’ব নোৱাৰি।”
চাৰি বছৰ পূৰ্বে ২০২২ চনত তেলেংগানাৰ এগৰাকী যুৱতীয়ে তেওঁলোকৰ লিভ-ইন সম্পৰ্ক ভংগ হোৱাৰ বাবে আত্মহত্যা কৰিছিল। সেই ঘটনাত যুৱতীগৰাকীৰ প্ৰাক্তন সংগীৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ দাখিল কৰা হৈছিল। এই সন্দৰ্ভত আৰক্ষীয়ে যুৱতীগৰাকীৰ সংগী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। এইবাৰ উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে এই গোচৰ খাৰিজ কৰে।
আদালতে পৰ্যবেক্ষণ কৰে যে কোনোবাই সম্পৰ্ক বিচ্ছেদৰ পিছত আত্মহত্যা কৰা মানে এইটো নহয় যে আনজনে তেওঁক উচটনি দিছিল। ইয়াৰ বাবে ইচ্ছাকৃতভাৱে উচটনি দিয়াৰ ‘প্ৰমাণ’ থাকিব লাগিব। বা এইটো স্পষ্ট হ’ব লাগিব যে আনজনৰ সঠিক জ্ঞান আছিল যে সম্পৰ্ক বিচ্ছেদৰ ফলত সংগীয়ে এনে পদক্ষেপ ল’ব পাৰে। কেৱল অভিযোগকাৰীৰ বক্তব্যই ইয়াক প্ৰমাণ কৰিবলৈ যথেষ্ট নহয়।

গোচৰটোত মৃত যুৱতী আৰু অভিযুক্ত শৈশৱৰ বন্ধু আছিল। পিছলৈ তেওঁলোকৰ মাজত সম্পৰ্ক গঢ় লৈ উঠিছিল। তেওঁলোকে একেলগে থাকিবলৈও আৰম্ভ কৰে। প্ৰায় তিনিমাহ দুয়ো একেলগে আছিল। ‘বাৰ এণ্ড বেঞ্চ’ৰ প্ৰতিবেদন অনুসৰি, প্ৰথমে অভিযুক্তই ছোৱালীজনীক বিয়াৰ প্ৰস্তাৱ দিছিল। ছোৱালীজনী মান্তি হয়। তেওঁৰ পৰিয়ালেও বিয়াত সন্মতি দিয়ে। কিন্তু পিছত অভিযুক্তৰ পৰিয়ালে এই বিবাহক লৈ আপত্তি কৰে। অভিযোগ অনুসৰি, তেওঁলোকে হেঁচা প্ৰয়োগ কৰি সম্পৰ্ক ভাঙি পেলায়।
পিছত যুৱতীগৰাকীয়ে আত্মহত্যা কৰাৰ লগে লগে তেওঁৰ পৰিয়ালে যুৱকজনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। যুৱকজন আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা বুলি গোচৰ ৰুজু কৰা হয়। অভিযুক্তই প্ৰথমে নিম্ন আদালতৰ কাষ চাপিছিল আৰু এফআইআৰ বাতিল কৰিব বিচাৰিছিল। কিন্তু আদালতে তেওঁৰ আবেদন খাৰিজ কৰে। পিছত অভিযুক্ত তেলেংগানা উচ্চ ন্যায়ালয়ৰ কাষ চাপে আৰু নিম্ন আদালতৰ ৰায় পুনৰীক্ষণৰ বাবে আবেদন জনায়। চলিত বৰ্ষৰ আৰম্ভণিতে উচ্চ ন্যায়ালয়েও তেওঁৰ আবেদন খাৰিজ কৰিছিল। এইবাৰ অৱশেষত উচ্চতম ন্যায়ালয়ত সকাহ পালে যুৱকজনে। উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে যুৱকজনে নিজৰ প্ৰেমিকাক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰা বুলি কোনো প্ৰমাণ পোৱা নাই। এই ঘটনা উদ্দেশ্যপ্ৰণোদিত নাছিল। গতিকে ইয়াক প্ৰৰোচিত কৰা বুলি ক’ব নোৱাৰি।













