
লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ (Bihpuria police station) অন্তৰ্গত বঙালমৰা অঞ্চলত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত পাঁচজন লোকক আটক কৰা হয়। অভিযানত এটা নীলা ৰঙৰ চাবোনৰ বাকচত ৰখা ১২.৩৩ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ (Heroin Seized) হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
আৰক্ষীৰ তথ্য অনুসৰি, ১২ অক্টোবৰৰ নিশা প্ৰায় ১.৫০ বজাত নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা ২ নং আহমেদপুৰৰ ৱাছিম আকামে ড্ৰাগছৰ অবৈধ ব্যৱসায় চলাই থকাৰ খবৰ লাভ কৰে। ইয়াৰ ভিত্তিত বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, লালুকৰ চক্ৰ পৰিদৰ্শক, প্ৰশিক্ষণৰত মহিলা উপ-পৰিদৰ্শক প্ৰণতি গগৈ আৰু আৰক্ষীৰ দলে ৱাছিমৰ ঘৰত তালাচী চলায়।

তালাচীৰ সময়ত সন্দেহযুক্ত হেৰ’ইনখিনি উদ্ধাৰ কৰি ৰুহুল আমিনৰ পুত্ৰ, ২০ বছৰীয়া ৱাছিম আকামক আটক কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, ৱাছিমৰ বক্তব্যৰ ভিত্তিত ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ সন্দেহত আন চাৰিজনকো আটক কৰা হয়। তেওঁলোক হৈছে মানাগাঁৱৰ ইদ্ৰিছ আলিৰ পুত্ৰ আমিনুৰ ৰহমান, কেয়ামৰাৰ প্ৰয়াত আব্দুল ছালামৰ পুত্ৰ নিজাম উদ্দিন আহমেদ, ২ নং পৰ্বতীপুৰৰ প্ৰয়াত আব্দুল মুতালেবৰ পুত্ৰ আমিৰ আলি আৰু একেখন গাঁৱৰ প্ৰয়াত বুদু আলিৰ পুত্ৰ আবুছ আলি। আটকাধীন আটাইকেইজন বিহপুৰীয়া থানা এলেকাৰ বাসিন্দা।













