ASSAM TIMES POST
নিউজ ডেস্ক
বহু প্ৰত্যাশিত গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিনবাকী।বুধবাৰে পুৱা ৮বজা লগে লগে প্ৰচাৰ অভিযান আনুষ্ঠানিক ভাৱে সামৰণি পৰিব।ইফালে বহু প্ৰত্যাশিত নিৰ্বাচনক লৈ আহ্বায়ক কমিটি আৰু নিৰ্বাচনী কমিটিয়ে মংগলবাৰে যুটীয়া ভাৱে সম্বোধন কৰে এক সংবাদ মেল।
গুৱাহাটী প্ৰেছ ক্লাৱত সম্বোধন কৰা সংবাদ মেলত নিৰ্বাচনী মুখ্য বিষয়া অজিত পাটোৱাৰীয়ে কয় আনন্দৰে সম্পূৰ্ন হৈছে গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ প্ৰস্তুতি।মুঠ দহটা পদৰ বাবে অনুষ্ঠিত হব লগা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছে ৩৬গৰাকীয়ে।ইফালে প্ৰেছ ক্লাবটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৮১৬গৰাকী।
আনহাতে ভোট গ্ৰহণৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ পৰা বেলট বাকছ সংগ্ৰহ কৰা বুলি জানিবলৈ দিছে আয়োগে। ইফালে বৃহস্পতিবাৰে ১২মাৰ্চৰ পুৱা ৮বজা পৰা অনুষ্ঠিত হব লগা ভোটগ্ৰহণৰ বাবে বুধবাৰে অৰ্থাৎ কালিলৈ বিয়লি ৩বজাত প্ৰাৰ্থী লগতে পুলিং আৰু কাউন্টিং এজেন্টৰ উপস্থিতিত বেলট পেপাৰ, বেলট বাকচ সমূহ পৰীক্ষা কৰাৰ লগতে চীল কৰা হব ভোটগ্ৰহণ অনুষ্ঠিত হব লগা পুলিং চেন্টাৰটো।
চীল চেণ্টাৰতো ১২মাৰ্চ পুৱা ৮বজাত প্ৰাৰ্থী আৰু পুলিং এজেন্ট উপস্থিতিত ভোট গ্ৰহণ বাবে খুলি দিয়া হব।এই কথা জানিবলৈ দিয়ে নিৰ্বাচনী বিষয়া পাটোৱাৰীয়ে। ইফালে সমগ্ৰ নিৰ্বাচন প্ৰক্রিয়াতো শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰা বাবে মহানগৰ আৰক্ষীয়ে প্ৰদান কৰিব সুৰক্ষা।কালিলৈ আবেলি পৰা ফলাফল ঘোষণা নকৰা পৰ্যন্ত আৰক্ষীৰ তত্বৱধানত থাকিব প্ৰেছ ক্লাৱতো।
অতিৰিক্ত ভাৱে প্ৰেছ ক্লাবটোত নিৰ্বাচনী কমিটিয়ে নিৰ্মান কৰিছে অতিৰিক্ত ভাৱে প্ৰসাৱগাৰ,-পাটোৱাৰীয়ে লগতে কয়। ইফালে ন্যস্ত স্বাৰ্থ বাবে একাংশ ব্যক্তিয়ে প্ৰেছ ক্লাৱতো সংবিধান তথা গনতান্ত্ৰিক প্ৰক্ৰিয়াক ভুলুণ্ঠিত কৰি নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ এক কলা অধ্যায়ৰ সৃষ্টি কৰিছিল তেখেত সকলে এতিয়া আদালতত আবেদন কৰি নিৰ্বাচনী প্ৰক্ৰিয়া স্থবিৰ কৰাৰ প্ৰয়াস কৰিছে।
কিন্তু আমাৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে।আশা কৰিছোঁ ন্যায়পালিকাই এনে ধৰনৰ ন্যস্ত স্বাৰ্থ ব্যক্তি সকলৰ প্ৰত্যাহ্বান উফৰাই দি গনতন্ত্ৰৰ বিজয় সুনিশ্চিত কৰিব। নিৰ্বাচনী বিষয়া গৰাকীয়ে কয়।সংবাদ মেলত নিৰ্বাচনৰ আহ্বায়ক সমিতি সদস্য সুশান্ত তালুকদাৰে ১৭ বছৰে বন্ধ হৈ থকা এটা প্ৰক্ৰিয়াক ইমান খৰতকীয়াকৈ এক সুস্থ পৰিবেশত গঢ়ি তুলি নিৰ্বাচনৰ প্ৰস্তুতি সুচাৰু ৰূপে সম্পাদন কৰি তোলা বাবে ধন্যবাদ জনায় নিৰ্বাচন কমিটিক।১৭বছৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াক হত্যা কৰা যি প্ৰয়াস চলিছিল সেইয়া আকৌ ঠন ধৰি উঠিব তেওঁ লগতে কয়।
আনহাতে বহিস্কৃতি প্ৰাক্তন সম্পাদক নৱ ঠাকুৰীয়াই আদালতৰ দাৰস্থ হোৱা বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় তেওঁ আদালতৰ কাষ চাপিছে তাত আমাৰ কব লগা একো নাই।কিন্তু এটা কথা বোধগম্য হোৱা নাই তেখেতে সকলো কথা শলাগ লৈ আকৌ কিয় নিৰ্বাচনৰ বন্ধ কৰাৰ বাবে আদালতৰ কাষ চাপিছে।
“এক ন্যস্ত স্বাৰ্থত নিৰ্বাচনত হেঙাৰ সৃষ্টি কৰা উদ্দেশ্যেৰে আদালতৰ কাষ চাপিছে কিছু ব্যক্তি কিন্তু মই ব্যক্তিগ’ত বাবে বিশ্বাস কৰো গনতন্ত্ৰৰ স্বাৰ্থত ন্যায়পালিকাই গণতন্ত্ৰৰ বিৰোধী বিচাৰ নিদিয়ে। আদালতত তেনে আবেদন খাৰিজ হোৱাৰ সম্ভাৱনাই অধিক”-এই কথা জানিবলৈ দিয়ে নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়া বিজন কুমাৰ মহাজনে।













