ASSAM TIMES POST
নিউজ ডেস্ক
সকলো জল্পনা-কল্পনা অন্ত পেলাই বিগত ১৭বছৰ মূৰত অহা ১২মার্চত অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচন।বহু প্ৰত্যাশিত নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন থকাৰ সময়তে মংগলবাৰে প্ৰেছ ক্লাৱতো সন্মুখত একাংশ সাংবাদিকে সাৱ্যস্ত কৰে এক প্ৰতিবাদী কাৰ্যসূচী।বহু জ্যেষ্ঠ সাংবাদিককে আদি কৰি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় অৰ্ধশতাধিক সংবাদ কর্মীয়ে।সংবাদ কর্মী সকলৰ প্ৰধান দাবী হৈছে প্ৰেছ ক্লাবতো পূৰ্ব বহিষ্কৃত সম্পাদক নৱ ঠাকুৰীয়াই দাখিল কৰক ১৭বছৰ বিত্ত হিচাপ।
নৱ ঠাকুৰীয়া মূর্দাবাদ, গণতন্ত্ৰৰ ৰক্ষা কৰক আদি দাবীৰে সমগ্ৰ প্ৰেছ ক্লাবতো সন্মুখভাগ উত্তাল কৰি তোলে সাংবাদিক সকলে।হাতে-হাতে প্লে-কাৰ্ড লৈ সংবাদ কর্মী সকলে নৱ ঠাকুৰীয়া বিৰুদ্ধে ক্ষুভ উজাৰে।প্ৰতিবাদত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক চায়ামণি ভূঞাই কয় “গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু গণতন্ত্ৰক ভৰিৰে মোহাৰি বিগত ১৭বছৰে একাংশ লোকে গুৱাহাটী প্ৰেছ ক্লাবক নামৰ এটা স্বতন্ত্ৰ সন্থাক নিজৰ পৌতৃক সম্পত্তি দৰে ব্যৱহাৰ কৰি স্থবিৰতা সৃষ্টি কৰিছিল।
শেহতীয়া ভাৱে এক গতিশীল আন্দোলন হৈছে।সেই গতিশীল আন্দোলনে নিৰ্বাচন অনুষ্ঠিত কৰিব লৈছে।কিন্তু গণতন্ত্ৰৰ প্ৰতি বিশ্বাস নথকা, গণতন্ত্ৰক ভৰিৰে মোহাৰি একাংশ ব্যক্তিয়ে নিৰ্বাচনক প্ৰত্যাহ্বান জনায় দাৰস্থ হৈছে আদালতৰ।তাকো গণতান্ত্ৰিক প্ৰক্ৰিয়া বিচাৰি যি নেকি হাস্যকৰ কথা।এই অপপ্ৰয়াসক বিৰোধিতা কৰি সাব্যস্ত কৰা হৈছে প্ৰতিবাদ”।গণতন্ত্ৰৰ, ন্যায়ালয়, ন্যায়পালিকা প্ৰতি আস্থা থকা বুলি উল্লেখ কৰি ভূঞাই কয় “সাংবাদিক সকলৰ অধিকাৰ প্ৰতিষ্ঠা কৰাত সহায় কৰি ন্যায় প্ৰদান কৰিব”।
উল্লেখ যে প্ৰেছ ক্লাবতো বিগত ১৭বছৰে নিৰ্বাচন অনুষ্ঠিত কৰা নাছিল সম্পাদক নৱ ঠাকুৰীয়া।তাৰ পৰিণতিতে এক এক বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰি ঠাকুৰীয়া অপসাৰণ কৰি অহা ১২মার্চত গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰা বাবে নিৰ্বাচন অনুষ্ঠিত হোৱা কথা।তাপয্য পূৰ্ণ কথা এই যে অপসাৰীত সম্পাদক ঠাকুৰীয়াই উপযুক্ত প্ৰমাণ পত্ৰ দিব নোৱাৰত ইতিমধ্যে ক্লাৱৰ ভোটাৰ তালিকা পৰা কৰ্তন হৈছে নাম।নাম কৰ্তন হোৱা পিছতে ভোটাৰ তালিকাক অবৈধ বুলি দাবী কৰি দাৰস্থ হৈছিল আদালতৰ।ইয়াৰ উপৰিও ঠাকুৰীয়া পৰা বিগত ১৭বছৰৰ হিচাপৰ খতিয়ান গ্ৰহণ কৰা বাবে গঠন কৰা হৈছে তিনিজনীয় এক বিশেষ কমিটি।কিন্তু ৰহস্যজনক ভাৱে ঠাকুৰীয়াই তিনিজনীয়া কমিটিক হিচাপৰ খতিয়ান দাঙি ধৰা নাই বুলিও এক অভিযোগ উঠিছে।তাত ক্ষুন্ন হৈ সাংবাদিক সকলে ঠাকুৰীয়া বিৰুদ্ধে সাৱ্যস্ত কৰে প্ৰতিবাদ।













