
ক্ৰেতাই দিছিল এখন ফটা ১০ টকীয়া ফটা নোট। কিন্তু তেওঁ ল’ব বিচৰা নাছিল। অভিযোগ অনুসৰি, সেই ‘অপৰাধ’ৰ বাবেই তেওঁক মাৰপিট কৰা হয়। ঘৰলৈ উভতি আহি চৰম সিদ্ধান্ত লয় এজন ডেলিভাৰী এজেণ্টে। বিষ সেৱনৰ পূৰ্বে তেওঁ শেষবাৰৰ বাবে ভিডিঅ’ ৰেকৰ্ডিং কৰি অভিযুক্ত ক্ৰেতাৰ চৰিত্ৰ উদঙাই দিয়ে। পিছত মঙলবাৰে চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। দিল্লীৰ বাসিন্দা সমীৰ হুছেইনে (২৩) এক জনপ্ৰিয় অনলাইন শ্বপিং কোম্পানীত ডেলিভাৰী এজেণ্ট হিচাপে কাম কৰিছিল। ২১ অক্টোবৰত তেওঁ ২৩ বছৰ পাৰ কৰি ২৪ বছৰত ভৰি দিলেহেঁতেন। কিন্তু তাৰ আগতেই তেওঁৰ মৃত্যু হয়। ৫ অক্টোবৰত তেওঁ বিষ সেৱন কৰে। যথেষ্ট চেষ্টা কৰিও চিকিৎসালয়খনৰ চিকিৎসকে তেওঁক বচাব নোৱাৰিলে। বিষ সেৱনৰ পূৰ্বে সমীৰে ৰেকৰ্ড কৰা ভিডিঅ’টোত তেওঁ এই প্ৰশ্ন উত্থাপন কৰিছে যে ‘দুখীয়া হোৱাটো অপৰাধ নেকি’? সমীৰে ভিডিঅ’টোত তেওঁৰ লগত কি হৈছিল সেই কথাও বাখ্যা কৰে। শাস্তিৰ দাবী কৰে ক্ৰেতা আৰু তেওঁৰ নাতিনীয়েকৰ বিৰুদ্ধে।
সমীৰে কয় যে ৪ অক্টোবৰৰ নিশা প্ৰায় ১০.৩০ বজাত তেওঁ বিনোদ নগৰ অঞ্চলৰ ৰামপাল সিঙৰ ঘৰত অৰ্ডাৰ ডেলিভাৰী কৰিবলৈ গৈছিল। অভিযোগ অনুসৰি, ক্ৰেতাই ১৫০ টকা দিবলৈ প্ৰায় ১৫ মিনিট সময় তেওঁক ৰখাই থয় । সমীৰে ইয়াৰ কোনো অভিযোগ কৰা নাছিল। কিন্তু তেওঁক দিয়া হ’ল ১০ টকীয়া ফটা নোট। তেওঁ সেয়া ল’বলৈ নিবিচাৰিলে। নোট সলনি কৰি দিবলৈ অনুৰোধ কৰে।

অভিযোগ অনুসৰি, ক্ৰেতা ৰামপালে তেওঁৰ কথা শুনি বিৰক্তি প্ৰকাশ কৰি কয়, “মোৰ হাতত এইখনেই আছে। ল’ব বিচাৰিলে লোৱা, নহ’লে যোৱা।” ইয়াৰ পিছত সমীৰৰ গালত তিনিটা চৰ শোধায় বুলি অভিযোগ। লগতে গালি-গালাজো কৰে। তেওঁৰ আৰ্থিক অৱস্থাক লৈও প্ৰশ্ন উত্থাপন কৰে। শেষ ভিডিঅ’টোত সমীৰে কৈছে যে ক্ৰেতাজন যথেষ্ট প্ৰভাৱশালী আৰু ধনী লোক। গতিকে তেওঁৰ অভিযোগ আৰক্ষীয়ে কেতিয়াও মানি নলয়। লগতে তেওঁ দাবী কৰে যে দেশত ডেলিভাৰী এজেণ্টৰ বাবে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা বা সুবিধা নাই।
ভিডিঅ’টোত সমীৰে কোৱা শুনা গৈছে, “মই আত্মহত্যা কৰিম। মোৰ আত্মসন্মান সকলোৰে সন্মুখত ধ্বংস হৈছে। মই কঠোৰ পৰিশ্ৰম কৰি উপাৰ্জন কৰি আছিলো। মই কেতিয়াও মোৰ দেউতাৰ পৰা এটকাও বিচৰা নাছিলো। মোৰ মৃত্যুৰ বাবে তেওঁলোক (ক্ৰেতা আৰু তেওঁৰ নাতিনীয়েক) দায়ী।”
সমীৰৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিএনএছৰ ১০৮ ধাৰাত আত্মহত্যাত প্ৰৰোচনা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।












